কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰা কুখ্যাত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ:নগালেণ্ডৰ পেচাদাৰী শ্বুটাৰৰ হতুৱাই গড় নিধনৰ পৰিকল্পনা

Pic

নগালেণ্ড, অৰুণাচলৰ ভাড়াতীয়া শ্বুটাৰৰ হতুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন কৰাৰ পৰিকল্পনা কৰা এটা কুখ্যাত চোৰাং চিকাৰী দলৰ এজন দুৰ্ধৰ্ষ সদস্যক সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰী জনৰ নাম আবু হাছিম(৩৫)। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে সোমবাৰে নিশা প্ৰায় ৭.৩০ বজাত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও জিলাৰ ৰূপহীহাটত গুনাবাৰীত অভিযান চলাই এই দুৰ্ধৰ্ষ চোৰাং চিকাৰী জনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত চোৰাং চিকাৰী জনৰ হাতৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল, চাইলেঞ্চাৰ আৰু ৭ জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়।লগতে তেওঁ ব্যৱহাৰ কৰা চাইকেল খনো জব্দ কৰিছে আৰক্ষীয়ে। চোৰাং চিকাৰীজনে এই অস্ত্ৰ-সস্ত্ৰ খিনি এটা মোনাত ভৰাই এজন লোকক দিবৰ বাবে এখন চাইকেলেৰে গৈ থকা অৱস্থাতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে গুনাবাৰীত গ্ৰেপ্তাৰ কৰে। আজি নগাঁও সদৰ আৰক্ষী থানাত আয়োজন কৰা এক সংবাদ মেলত আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে এই কথা জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে,  আবু হাচিম আৰু তেওঁৰ দুই-তিনিজন সশস্ত্ৰ সতীৰ্থই নগালেণ্ডৰ ডিমাপুৰ আৰু অৰুণাচলৰ একাংশ পেচাদাৰী শ্বুটাৰৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ লগত জড়িত হৈ আহিছে। এই দলটোৰ এজন সদস্য নুৰ ইছলামক ইতিপূৰ্বে দৰং আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত  অভিযান চলাই ৰূপহীহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছে। এই চোৰাং চিকাৰী দলটোৰ আন দুজন সদস্যকো আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে যদিও তদন্তৰ খাতিৰত নাম কেইটা প্ৰকাশ কৰা নাই। তেওঁলোকৰ সন্ধানতো আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে, ধৃত চোৰাং চিকাৰীজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তেওঁক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছিল যদিও সফল হোৱা নাছিল। 


 

Your Comments