পশুপালনেৰে চহকী মাজুলীৰ লিলাকান্ত পেগুয়ে নিজৰ চাৰি শতাধিক ঘোঁৰা পালনৰ  বাবে দিব বিচাৰে ৰাজ্যৰ বন বিভাগক

majuli

চুমৈমাৰী দৰবাৰ চাপৰিৰ পৰা ৰাজীৱ পাতিৰ :


চন পৰি থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ বালিৰ উপযুক্ত ব্যৱহাৰ কৰি পশুপালন আৰু শাক পাচলিৰ খেতিৰে  স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে মাজুলী চূমৈমাৰী গাঁৱৰ লিলাকান্ত পেগুৱে।  লিলাকান্ত পেগু হৈছে মাজুলীৰ চুমৈমাৰী গাঁৱৰ বিশিষ্ট পশুপালক প্ৰয়াত কুকৰাগ পেগুৰ পঞ্চমগৰাকী পুত্ৰ ।এসময়ত মাজুলীৰ ভিতৰতে বিখ্যাত পশুধনৰ গৰাকী আছিল কুকৰাগ পেগু । পিতৃ কুকৰাগ পেগুৱে উপাৰ্জন কৰা ম'হ,গৰুবোৰ পৰৱৰ্তীসময়ত পালন কৰাৰ বাবে লিলাকান্ত পেগুৰ হাতত দায়িত্ব আহি পৰিছিল ১৯৮৫ চনত হাইস্কূল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছৰ পৰাই । পিতৃয়ে দিয়া এই গধুৰ দায়িত্বক শিৰত লৈ উচ্চ শিক্ষাৰ কথা বাদ দি একান্তমনে পশু পালনত জড়িত হৈ পৰিছিল লিলাকান্ত পেগুৱে। সুদীৰ্ঘ ৩৪ টা বছৰে কেৱল পশুপালক হিচাপে জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় পাৰ কৰিছে পেগুৱে।  বৃত্তিগতভাৱে তেওঁ ম'হ পালক ।

আন লোকৰ দৰে যান্ত্ৰিক পৰিৱেশৰ মায়াময় চিন্তা নকৰাকৈ কেৱল ব্ৰহ্মপুত্ৰৰ চাপৰিৰ বালি চৰতে ম'হৰ সৈতে খেলি ম'হ পালনেৰে এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে এইগৰাকী আগশাৰীৰ পহু পালক লিলাকান্তই। চূমৈমাৰী গাঁৱৰ পৰা নামনিলৈ প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত অৱস্থিত দৰবাৰ চাপৰিত স্হাপন কৰা হৈছে দুবিঘা অংশৰ ম'হৰ খুঁটি । ম'হৰ পৰা উৎপাদিত গাখীৰেৰে আপোন অৰ্থনৈতিক ভেটি মজবুত কৰাই নহয়  মাজুলী,যোৰহাট,লখিমপুৰ আদি ঠাইৰ গাখীৰৰ চাহিদা পূৰণতো সহায়ক হৈছে। লিলাকান্ত পেগুৰ সৰু-বৰ মহৰ পৰিমাণ তিনি শতাধিক । নিতৌ গড়ে ৬০ লিটাৰ গাখীৰ উৎপাদন হয় । প্ৰতি লিটাৰত ৫০ টকাকৈ একোটা দিনত ৬০ লিটাৰত তিনি হেজাৰ টকাকৈ উপাৰ্জন হ'লে মাহেকত কেবল গাখীৰতে উপাৰ্জনৰ পৰিমাণ নব্বৈ হেজাৰ টকা ।majuli

গাখীৰৰ উপৰিও বছৰটোত ম'হ বিক্ৰী কৰিও উপাৰ্জন কৰে বৃহৎ ধন । ইপিনে গোবৰখিনিও বিভিন্ন শাক পাচলিৰ খেতিত জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হৈছে লিলাকান্ত পেগুৱে । বিশেষকৈ ম'হ খুঁটিৰ কাষতে স্হাপন কৰা বাৰ বিঘা ভূমিত আৰম্ভ হৈছে শাক পাচলিৰ বাগান। কেৰেলা, লাও,মূলা,লাই শাক আদি প্ৰজাতিৰ পাচলি কৰা হৈছে। কেৱল কেৰেলা খেতিৰ পৰাই বৰ্তমানে মাহেকত পোন্ধৰ হেজাৰ টকা হয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পেগু। বাৰ বিঘা ভূমিত বিভিন্ন পাচলিৰ ভিতৰত আশী শতাংশ ভূমিত কেৱল কেৰেলা খেতি লগোৱা হৈছে । অহা এক মাহৰ পিছত কেৰেলাৰ খেতিত প্ৰত্যেক দিনত এক কুইন্টল উৎপাদন হ'ব পৰাকৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । সেই লক্ষ্য উপনীত হ'লে মাহেকত ডেৰ লাখ টকা উপাৰ্জন হোৱাটো নিশ্চিত হ'ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৌতম বৰাই মাজুলী চূমৈমাৰী গাঁৱৰ বিশিষ্ট পশুপালক ব্ৰহ্মপুত্ৰ নৈৰ পৰম্পৰাগত জ্ঞানৰ অধিকাৰী হোৱা প্ৰয়াত কুকুৰাক পেগুৰ জীৱন-আদৰ্শ আৰু দৈনন্দিন জীৱন সংগ্ৰামক তিনি বছৰ ধৰি ক্ষেত্ৰ অধ্যয়নৰ যোগেদি নিৰ্মাণ কৰা 'অ'ল্ড ৰিভাৰ মেন' নামৰ তথ্যচিত্ৰখনে ২০১৬ চনত ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।majuli3

ইয়াৰোপৰি বিভিন্ন সময়ত ইংলেণ্ড, জাৰ্মান আদিকে ধৰি বিভিন্ন দেশলৈ নিমন্ত্ৰণ লাভ কৰি  যথেষ্ট সমাদৰো লাভ কৰিছিল। তাৎপৰ্যপূৰ্ণ কথাটো এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ হৈছিল পশুপালক লিলাকান্ত পেগুৰ বৰ্তমানৰ ম'হৰ খুঁটি থকা চূমৈমাৰী দৰবাৰ চাপৰিত । সুদীৰ্ঘ ৩৪ বছৰ ধৰি পশুপালক হিচাপে কাম কৰাৰ পিছত এতিয়া তেওঁ এইখন ক্ষেত্ৰতেই প্ৰতিষ্ঠা লাভ কৰিছে লিলাকান্ত পেগুয়ে । পশুপালনৰ জৰিয়তে পৰিয়ালৰ অৰ্থনৈতিক মানদণ্ড উন্নত কৰাৰ লগতে পুৰণিকলীয়া এই কৰ্ম সংস্কৃতি জীয়াই ৰাখিছে পেগুৱে। ম'হ পালনৰ দৰে এটা কৰ্ম সংস্কৃতিক ধৰি ৰখাৰ বাবে লিলাকান্ত পেগুলৈ ভাৰতীয় পশু চিকিৎসা অনুসন্ধান সংস্থান,পূৰ্বীয় ক্ষেত্ৰীয় কেন্দ্ৰ কলকাতাই ১০১৬ চনত পেগুক সম্বৰ্ধনা জনোৱাৰ লগতে অসম পহুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত যোৱা ২০১৮ বৰ্ষত মুখ্যমন্ত্ৰী প্ৰেৰণা বঁটা প্ৰদান কৰে । 

ইপিনে ম'হৰ সমান্তৰালভাৱে ঘোঁৰা পালনতো চহকী লিলাকান্ত পেগুৰ পৰিয়াল । প্ৰায় চাৰি শতাধিক ঘোঁৰা বৰ্তমান ব্ৰহ্মপুত্ৰৰ বিভিন্ন চাপৰিত সিঁচৰতি হৈ প্ৰকৃতিক পৰিৱেশ শুৱনি কৰি ৰাখিছে ।এই ঘোঁৰাবোৰো ৰাজ্য চৰকাৰৰ বন বিভাগক পিতৃ কুকৰাক পেগুৰ নামত গতাই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বিশিষ্ট পশুপালক লিলাকান্ত পেগুসহ তেওঁৰ পৰিয়ালে ।

Your Comments