প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৮৫ সংখ্যক জন্মদিন পালন

Gogoi

শুকুৰবাৰে ৮৫ বছৰত ভৰি দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।দিছপুৰৰ চৰকাৰী বাসভৱনত  প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কেক কাটি জন্মদিন পালন কৰিলে।পত্নী ডলী গগৈ আৰু পুত্ৰ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বহু শুভাকাংক্ষী জন্মদিন উদযাপন অনুষ্ঠানত উপস্থিত থাকে। দলীয় নেতা-কৰ্মীসকলে গগৈক জন্মদিনৰ শুভেচ্ছা জনায়।

Jj

 

আনহাতে,জন্মদিনত সাংবাদিকৰে বাৰ্তালাপত তৰুণ গগৈয়ে তেওঁৰ সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাৰ  বিভিন্ন গুৰুত্বপূৰ্ণ কথা জানিবলৈ দিয়ে।তেওঁ যুৱ প্ৰজন্মক সক্ৰিয় ৰাজনীতিত যোগ দিবলৈও আহ্বান জনায়।

Your Comments