শুকুৰবাৰে মহাষষ্ঠী:গুৱাহাটীত ৰাম মন্দিৰ,ৰাজপ্ৰসাদ আৰু 'অৱতাৰ' আৰ্হিৰ মণ্ডপ হ'ব মুখ্য আকৰ্ষণ

ৰাম

নাং কৃষ্টিপ্ৰিয়া গগৈৰ প্ৰতিবেদন:

শুকুৰবাৰে মহাষষ্ঠী। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰৰ লগতে দশভূজাক আদৰিবলৈ  সাজু মহানগৰবাসীও । মা দুৰ্গাক আদৰিবলৈ সাজু মহানগৰীৰপূজা কমিটীসমূহ।ভিন্ন বিষয়বস্তুৰে চমক দেখুৱাবলৈ সকলোৱে চলাইছে বিশাল প্ৰস্তুতি। দিনে-নিশাই ব্যস্ত হৈ পৰিছে মণ্ডপ নিৰ্মাণ কৰা কলা-কুশলীসকল। কোনোবাই যদি ৰাম মন্দিৰ নিৰ্মাণ কৰিছে,কোনোবাই আকৌ নিৰ্মাণ কৰিছে ৰাজপ্ৰসাদ। 

Puja

 

প্ৰতি বছৰৰ দৰে এইবাৰো দৰ্শনাৰ্থীক চমক দিবৰ বাবে সাজু হৈছে বিষ্ণুপুৰ দুৰ্গাপূজা সমিতি।ব্যতিক্ৰমী প্ৰচেষ্টাৰে  বিষ্ণুপুৰ দুৰ্গাপূজা সমিতিয়ে এইবাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ। ১৬ আগষ্টৰ পৰা নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ আৰ্হিৰ এই পূজা মণ্ডপটোৰ বাজেট ৩৫ লাখ টকা। অসমৰ থলুৱা যুৱ শিল্পীসকলে এই মণ্ডপটোৰ নিৰ্মাণৰ কাম সমূহ কৰাৰ লগতে এইবাৰ দুৰ্গা পূজাত সম্পূৰ্ণ প্লাষ্টিক বৰ্জন কৰা হ'ব বুলিও পূজা সমিতিৰ লোকসকলে জানিবলৈ দিয়ে। 

Puja

৫৩ বছৰীয়া বিষ্ণুপুৰ বিমলা নগৰ পূজা সমিতিয়ে এইবাৰ  হলিউডৰ অস্কাৰ বঁটাপ্ৰাপ্ত বোলছবি 'অৱতাৰ'ৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে। ২৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মণ্ডপটো শিশুসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। 

Puja

আনহাতে,৪০ বছৰ গৰকা লতাশিল পূজা সমিটতিয়ে এইবাৰ ৰাজস্থানৰ ৰাজপ্ৰসাদৰ ভিতৰত মা দুৰ্গাক স্থাপন কৰিব। ১৬ লাখ টকাৰ বাজেটেৰে ৰাজস্থানৰ ৰাজপ্ৰসাদৰ আৰ্হিত তেওঁলোকে  নিৰ্মাণ কৰিছে এই মণ্ডপটো। প্লাষ্টিক বৰ্জন কৰি এইবাৰ তেওঁলোকে ভক্তসকলক কলপাতত ভোগ বিতৰণ কৰিব। 

প্ৰশাসনৰ নিয়ম অনুসৰি মহানগৰীৰ সকলো পূজা মণ্ডপত চিচিটিভিৰ ব্যৱস্থা কৰাৰ লগতে পূজা সমিতিৰ ফালৰ পৰা সুৰক্ষা কৰ্মী দিয়া হ'ব বুলিও পূজা সমিতিৰ সমূহে জানিবলৈ দিয়ে।

Your Comments