শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটদান:৩অক্টোবৰত ঘোষণা কৰা হ'ব ফলাফল

Cotton

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই মঙলবাৰে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ২০১৯-২০বর্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰ সামৰণি পৰে বিয়লি ২ বজাত। উল্লেখ্য যে ১১৯ বছৰীয়া কটনৰ ইতিহাসত এইবাৰ ১০১ সংখ্যক বাৰৰ বাবে অনুষ্ঠিত হয় ছাত্ৰ-একতা সভাৰ সাধাৰণ নিৰ্বাচন।

ইফালে,মুঠ ১৬টাকৈ বিভাগৰ বাবে এইবাৰ মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত আগবঢ়াইছিল প্ৰাৰ্থিত্ব।তাৰে ছাত্ৰী জিৰণি কোঠা বিভাগত অনুভূতি দত্ত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল।

মঙলবাৰে অন্য ১৫ টা বিভাগৰ বাবে ৩৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হয় বেলট বাকচত। বিশ্ববিদ্যালয়খনৰ মুঠ ৫৫০০ ভোটাৰৰ ২৭৫২ গৰাকী ভোটাৰে আজি ভোটাধিকাৰ সাব্যস্ত কৰে।
 
আনহাতে,ভোটদান প্ৰক্ৰিয়াৰ সমাপ্তিৰ পিছতে ভোটিং বাকচসমূহ পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে।মুঠ ১০টা বেলট বাকচত আৱদ্ধ হৈ থকা বেলট পেপাৰসমূহ অহা ৩ অক্টোবৰত গণনা কৰি ঘোষণা কৰা হ'ব ফলাফল।

গুৰুত্বপূৰ্ণ কথা এই যে শতবর্ষীয় ইতিহাস ভংগ কৰি এইবাৰ কটনত প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা কৰিছে ছাত্ৰীয়ে।

Your Comments