
ৰাজ্যৰ ৪১হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য প্ৰাথমিক শিক্ষা বিভাগৰ সচিব বন্দনা দত্ত তামুলীক সাক্ষাৎ কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিয়ে।টেট উত্তীৰ্ণ শিক্ষক সমাজৰ হৈ সভাপতি আৰু সম্পাদক মিৰাজুল ৰচিদৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱা পৃথকে পৃথকে তেওঁলোকৰ সমস্যা সন্দৰ্ভত দাখিল কৰে স্মাৰক পত্ৰ। উল্লেখ্য। যে বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঠিকাভিত্তিক টেট শিক্ষকসকলে বেংকৰ ঋণ আৰু ঠিকাভিত্তিক টেট শিক্ষকসকলৰ স্বাস্থ্য বীমা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।সেই আহ্বানৰ প্ৰতি বিত্তমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰি কয় যে বিভাগৰ লগত সমগ্ৰ বিষয়সমূহ আলোচনা কৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব।
ইফালে,প্ৰতিনিধি দলটোৱে তেওঁলোকৰ চাকৰিৰ নিয়মীয়াকৰণ, বৰ্ধিত গ্ৰেড-পে প্ৰদান,প্ৰসূতি ছুটি,আৰ্জিত ছুটি আৰু চিকিৎসাজনিত ছুটিৰ বিষয়সমূহ সমাধান কৰাৰ বাবে প্ৰাথমিক শিক্ষা সচিব বন্দনা দত্ত তামুলীক স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰকপত্ৰখন গ্ৰহণ কৰি তেওঁ সমস্যাসমূহ সমাধান কৰাৰ বাবে সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকৰ লগত আলোচনাত মিলিত হ'ব বুলি আশ্বাস প্ৰদান কৰে।
- Log in to post comments
- 90 views