বিজেপি চৰকাৰে 'এক দেশ,এক ভাষা,এক ধৰ্ম'ৰ প্ৰচাৰ কৰি অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ বিচাৰিছে-তৰুণ গগৈ

Gogoi

হিমন্ত বিশ্ব শৰ্মাই সাৰদা,ছিণ্ডিকেট,প্ৰদ্যুৎ বৰদলৈ কাকো চিনি নাপায়, দুদিনৰ পিছত তৰুণ গগৈকো চিনি নাপাওঁ বুলি ক'ব ।বুধবাৰে এখন সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী  তৰুণ গগৈয়ে । 

সংবাদমেলখন সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-"বৰ্তমান আমাৰ ৰাজ্যৰ পৰিস্থিতি সংকটপূৰ্ণ হৈছে।  বিজেপিয়ে 'কেব'খন আনিবলৈ উঠি-পৰি লাগিছে।বিজেপিৰ দুৰ্বল নীতিৰ বাবে অসমৰ এই অৱস্থা হৈছে।এই বিলখনক লৈ চৰকাৰে যেনেদৰে পদক্ষেপ ল'ব লাগিছিল,তেনেদৰে নলৈ বিলখন অনাতহে লাগিছে।জাতি-মাটিৰ কথা কোৱা চৰকাৰখনে অসমখন বিক্ৰি কৰিবহে বিচাৰিছে।অসমখন ধ্বংস কৰিবৰ বাবে বিজেপি চৰকাৰে যি যজ্ঞ পাতিছে,সেই যজ্ঞত অতুল বৰা,প্ৰফুল্ল মহন্তই ঘিঁউহে ঢালিছে। তেওঁলোকে মুখেৰেহে বিৰোধিতা কৰি আছে।"

'অসমৰ কাৰণে দুৰ্ভাগ্য যে আছু, সাহিত্য  সভা আৰু কৃষক মুক্তিয়ে যেনেদৰে আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল,তেনেদৰে গ্ৰহণ কৰা নাই। অকল আমি বিজেপিক দোষাৰোপ কৰিলে নহ'ব। এওঁলোকৰো দোষ আছে। হয়তো বুজাবুজি হোৱা নাই,কিন্তু লেনদেন হবও পাৰে' বুলি তেওঁ কয়।  

গগৈয়ে লগতে কয় যে আৰএছএছ-এ সাম্প্ৰদায়িকতাৰ নামত অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ বিচাৰিছে। বিজেপি চৰকাৰে 'এক দেশ,এক ভাষা , এক ধৰ্ম'ৰ প্ৰচাৰ কৰি অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ বিচাৰিছে।এতিয়া  যি এটা দল কৰিবলৈ বিচাৰিছে, সি কিন্তু ভাৰতবৰ্ষৰ গণতন্ত্ৰক বিপদাপন্ন কৰিব। 


"বিজেপি চৰকাৰে 'কেব' আনি অসম চুক্তিক দলিয়াই পেলাবলৈ বিচাৰিছে।  অত্যাচাৰৰ বলি হোৱা ১০০ জন  শৰণাৰ্থীৰ নাম অসমত উলিয়াই দেখুৱাওক। বিজেপি চৰকাৰে মিছা কথা কৈ শৰণাৰ্থীসকলক  আনিবলৈ বিচাৰিছে।মহন্ত এতিয়াও জীয়াই আছে, মহন্তক এবাৰ সোধক-মহন্তৰ দিনত শৰণাৰ্থীৰ পৰা এখন দৰ্খাস্ত আহিছিল নেকি"-প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।  
 
তেওঁ আৰু কয় যে এনআৰচিখন নাকচ কৰিবলৈ হিমন্ত কোন?'কেব' আনিবৰ কাৰণেই বিজেপি চৰকাৰে এনআৰচিখনত গুৰুত্ব দিয়া নাছিলে। আমি এইখন শুদ্ধ কৰাটো বিচাৰিছোঁ নাকচ কৰাটো বিচৰা নাই। 

আনহাতে আমেৰিকাত অনুষ্ঠিত 'হাউডী মোডী' অনুষ্ঠানটোৰ কথা উল্লেখ কৰি গগৈয়ে কয়-আমেৰিকাত  হাউডী মোডীত মোডী আৰু ট্ৰাম্পৰ এখন ভাল নাটক হ'ল আৰু নাটকত দুয়োজনেই ভাল অভিনয়  কৰিলে। মোডীয়ে অমিতাভ বচ্চনতকৈও ভাল অভিনয় কৰিলে আৰু ট্ৰাম্পৰ অভিনয় আৰু এখোপ চৰা।
আগতে নেহৰু যাওঁতে আমেৰিকাৰ মানুহে চাবলৈ আহিছিল,কিন্তু এইবাৰ এইটো মেনেজ কৰা আছিল। 

'কোকৰাঝাৰ কাণ্ড'ৰ কথা কৈ তেওঁ ক'লে যে ইয়াত ল'ৰা ৰজাৰ শাসন চলিছে। অসমত আইন-শৃংখলাত কোনো নিয়ন্ত্ৰণ  নাই।পুলিচ বিষয়াসকলক কমিছনত লগাই দিছে,গতিকে তাৰ পিছত চোৰ- ডকাইতক ৰক্ষণাবেক্ষণ দিবই। 

'হিমন্তই সাৰদা, ছিণ্ডিকেট ,প্ৰদ্যুৎ বৰদলৈ কাকোৱে চিনি নাপায়,দুদিনমানৰ পিছত ক'ব যে তৰুণ গগৈ কোন-তেওঁক মই চিনি নাপাওঁ। বিজেপি পাৰ্টীটো দুই নম্বৰী পাৰ্টী। দুই নম্বৰী-তিনি নম্বৰী নেতাই দেশ চলালে এনেকুৱা হ'বই।অসমৰ অৱস্থা এতিয়া দুৰ্ভাগ্যজনক' বুলিও তৰুণ গগৈয়ে মন্তব্য কৰে।  

আনহাতে, 'মিত্ৰতাৰ বাবে আমাৰ সকলোৰে কাৰণে দুৱাৰ খোলা আছে' বুলিও গগৈয়ে কয়।

Your Comments