ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পথ দুৰ্ঘটনা:চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে ৪৪২৯টা দুৰ্ঘটনাত ১৭২৯গৰাকীৰ মৃত্যু

Acci

যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নিয়ম ভংগ কৰা যান-বাহনক নাকী লগোৱাr বাবে ৰাজ্যত কঠোৰ হৈছে যান-বাহন আৰক্ষী।সমগ্ৰ দেশৰ লগতে ৰাজ্যতো যাত্ৰীৰ আৰু পথচাৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বর্ষৰ পহিলা ছেপ্টেম্বৰৰ পৰা প্ৰয়োগ কৰা হৈছে 'মটৰ ভেৰিকোল এক্ট-২০১৯' দৰে কঠোৰ আইন।ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ৰাজ্যত নিতৌ সংঘটিত হোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহন আৰক্ষীক যান-বাহন চলাচলৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰখাৰ বাবে সময়ে সময়ে নির্দেশো প্ৰদান কৰি আহিছে। কিন্তু তাৰ পিছতো ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা।

চিআইডিৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি  ৰাজ্যখনত ২০১৭ বর্ষত পথ দুৰ্ঘটনা সংঘটিত হৈছিল মুঠ ৭১৭০টা।সেই অনুসৰি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ২৭৮৩ গৰাকী ব্যক্তি, আহত হৈছিল ৬১৬৩গৰাকী ব্যক্তি। একেদৰে ২০১৮ বর্ষত পূৰ্বৰ বছৰৰ তুলনাত ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছিল ১০৭৮টা। সেই অনুসৰি উক্ত বছৰত ৰাজ্যখনত পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৮২৪৮টা। সেই অনুসৰি ২৯৬৬ গৰাকী মৃত্যুৰ হোৱাৰ বিপৰীতে আহত হৈছিল ৭৩৭৫ গৰাকী।ঠিক একেদৰে চলিত বছৰ অৰ্থাৎ ২০১৯ বর্ষতো পূৰ্বৰ দুয়োটা বর্ষৰ তুলনাত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। পৰিবহন বিভাগৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি চলিত বৰ্ষৰ কেৱল  জানুৱাৰীৰ পৰা জুন মাহলৈকে ৰাজ্যত পথ দুৰ্ঘটনা সংঘটিত হৈছে ৪৪২৯টা।উক্ত দুৰ্ঘটনাসমূহত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৭২৯ গৰাকী।আনহাতে, আহত হোৱা লোকৰ সংখ্যা হৈছে ৩৯৪৪ গৰাকী।

Your Comments