গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত 'শল্যক'ণ ২০১৯'ৰ আয়োজন

aurbedic

নিউজ ডেস্ক:

প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আয়োজন কৰা হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ আয়ুৰ্বেদিক সন্মিলনৰ ।অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ একমাত্ৰ আয়ুৰ্বেদিক মহাবিদ্যালয়খনত শল্যতন্ত্ৰ সন্দৰ্ভত 'শল্যক'ণ ২০১৯' শীর্ষক নামেৰে আয়ুৰ্বেদিক সন্মিলনখন অনুষ্ঠিত হ'ব। এই কথা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ভৱেশ দাসে। দাসে লগতে জানিবলৈ দিয়া অনুসৰি আয়ুৰ্বেদিক শল্যতন্ত্ৰৰ নতুন নতুন উদ্ভাৱনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা এই সন্মিলনৰ মূল উদ্দেশ্য। সমগ্ৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা এই সন্মিলনখনৰ মূল বিষয়বস্তু হৈছে 'আধুনিক যুগৰ অষ্ট্ৰোপচাৰৰ অনুশীলনত সুশ্ৰুতৰ ধাৰণাৰ গুৰুত্ব।'


ইয়াৰ উপৰিও ডাঃ দাসে কয় যে  তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা সন্মিলনখনত দেশৰ বিভিন্ন প্ৰান্তৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ প্ৰায় ৩০০ৰো অধিক চিকিৎসক প্ৰতিনিধি আৰু প্ৰায় ৩০জন আয়ুৰ্বেদিক চিকিৎসাৰ গৱেষণক উপস্থিত থাকিব।


ইফালে,সন্মিলনখনৰ আয়োজক সমিতিৰ সাধাৰণ সম্পাদক ডাঃ পংকজ কুমাৰ বৰ্মনে জানিবলৈ দিয়া অনুসৰি ১৩ ছেপ্টেম্বৰৰ পুৱা দেশৰ বিভিন্ন প্ৰান্তৰৰ আয়ুৰ্বেদিক চিকিৎসাৰ বচা বচা গৱেষকসকলৰ দ্বাৰা আয়ুৰ্বেদিক অষ্ট্ৰোপচাৰৰ পোনপটীয়াভাৱে প্রদর্শন কৰা হ'ব। ইয়াৰ উপৰিও সন্মিলনৰ অন্য দিন দুটাত আয়ুৰ্বেদিক চিকিৎসাৰ কৰ্মশালা অনুষ্ঠিত হ'ব।

Your Comments