পশুপালন বিভাগৰ চেনিকুঠি সঞ্চালকালয়ৰ গৃহৰ মহানগৰ জিলা প্ৰশাসনৰ অধিগ্ৰহণৰ  প্ৰচেষ্টা

chenikuthi vatinaray Madical

নিউজ ডেস্ক:
ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ চেনিকুঠি সঞ্চালকালয় চৌহদৰ দুটা গৃহ বিভাগীয় মন্ত্ৰী, আয়ুক্ত সচিব আৰু সঞ্চালকৰ অজ্ঞাতে কামৰূপ(ম) জিলা প্ৰশাসনে অধিগ্ৰহণৰ চেষ্টা চলাইছে।এই অভিযোগ অসম চৰকাৰৰ পশুপালন আৰু চিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ এক বিশেষ সূত্ৰৰ।সূত্ৰটোৱে 'নিউজএছএন'ৰ আগত প্ৰকাশ কৰা অনুসৰি যোৱা শুকুৰবাৰে(৬ছেপ্টেম্বৰ) কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক,মন্ত্ৰী, সচিব কোনো লোককে অৱগত নকৰাকৈ মহানগৰীৰ চেনিকুঠি সঞ্চালকৰ কাৰ্য্যালয়ৰ দুটা গৃহ পুননিৰ্মাণ কৰাৰ বাবে জোখ-মাখ লবলৈ ঠিকাদাৰ আৰু মিস্ত্ৰী পঠিয়াই। আনহে  নালাগে জোখ-লবলৈ অহা ঠিকাদাৰৰ হাতত ইতিমধ্যে গৃহ দুটাৰ নক্সা আৰু পুনৰনির্মাণৰ প্ৰাক-কলনো প্ৰস্তুত হৈ আছে। ইয়াৰ উপৰিও আশ্চৰ্যজনক কথা এই যে এটা নিৰ্দিষ্ট বিভাগৰ সঞ্চালকালয়ৰ চৌহদৰ গৃহ সঞ্চালকলৈ কোনো আনুষ্ঠানিক পত্ৰ নিদিয়াকৈ পুননিৰ্মাণ কাম আৰম্ভ কৰিবলৈ ঠিকাদাৰ আৰু মিস্ত্ৰীয়ে কেনেদৰে সাহস কৰিলে,সেয়া বৰ্তমান সময়ত এক অবুজ সাঁথৰ হৈ আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।


আনহাতে,সূত্ৰটোৰ পৰা পোৱা খবৰ অনুসৰি সমগ্ৰ বিষয়টোৰ বিষয়ে অসম পশু পালন আৰু চিকিৎসা সেৱা সন্থা অৱগত হোৱাৰ পিছত জোখ-মাখ কৰা গৃহ দুটা কাম বন্ধ কৰাৰ বাবে মহানগৰ জিলা প্ৰশাসনে প্ৰেৰণ কৰা  ঠিকাদাৰক নির্দেশ প্ৰদান কৰিছে।


উল্লেখ্য যে মহানগৰ জিলা প্ৰশাসনে যি দুটা গৃহ পুনৰ নিৰ্মাণ কৰাৰ বাবে ঠিকাদাৰ আৰু মিস্ত্ৰী প্ৰেৰণ কৰিছে সেই গৃহদুটা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ চবকা প্ৰতিৰোধ আঁচনি আৰু ব্ৰুছেলোছিছ আঁচনিৰ কেন্দ্ৰীয় নিৰীক্ষণ কাৰ্যালয় স্থাপন কৰাৰ বাবে আৱন্টন কৰা হৈছে।একেদৰে অহা ১১ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ পৰাই উক্ত গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কথা আছে। ইয়াৰ উপৰিও অন্যটো গৃহ ইতিমধ্যে 'বিশেষ পশু স্বাস্থ্য আঁচনি' তদাৰকৰ বাবে কাৰ্যালয় খোলাৰ বাবে বিভাগৰ সঞ্চালকালয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।


আনহাতে,সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি এই অধিগ্ৰহণৰ বিষয়টো বিভাগৰ মন্ত্ৰীক অৱগত কৰাৰ পিছত কামৰূপ(ম) জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰাত ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত কৰা বুলি জানিবলৈ দিয়ে।


ইফালে,বিভাগৰ অনুমতি অবিহনে প্ৰশাসনে গৃহ অধিগ্ৰহণ কৰিবলৈ লোৱা বিষয়টোক বিভাগটোৰ কৰ্মচাৰীসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাম কৰিলে আইনৰ কাষলৈ যাব বুলি সকীয়াই দিছে।

Your Comments