সাৱধান!অসমত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধীয়ে এটিএমত সংযোগ কৰিলে অত্যধুনিক হেকিং মেচিন

atm

অসমত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধীয়ে সংযোগ কৰিলে অত্যধুনিক হেক কৰা যন্ত্ৰ।মহানগৰীৰ লাষ্টগেটৰ 'হোটেল হেৰীটেজ'ৰ এছবিআইৰ এটিএমত হেকাৰে সংযোগ কৰিলে কাৰ্ড হেক কৰিব পৰা মেচিন, কেমেৰা,কাৰ্ড ৰিডাৰ আৰু তথ্য সংগ্ৰহ কৰিব পৰা মেচিন।এজন সচেতন লোকে শুকুৰবাৰে ধন উলিওৱাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা।ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষী আৰু বেংক বিষয়াৰ লোকক।পিছলৈ হাতীগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।বেংকে ইতিমধ্যে সংগ্ৰহ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল।


এটিএম কৰ্তৃপক্ষই স্পষ্টভাৱে ঘোষণা কৰিছে প্ৰথমবাৰৰ বাবে গুৱাহাটীত সংঘটিত হৈছে এনে ঘটনা।পূৰ্বে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছিল এনে ঘটনা।

Your Comments