অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট এতিয়া অনলাইনতো উপলব্ধ

zoo

নিউজ ডেস্ক:

অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট এতিয়া অনলাইন সেৱাত উপলব্ধ। ঘৰত বহিয়েই আপুনি অনলাইন যোগে বুকিং কৰিব পাৰিব অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট। এতিয়াৰে পৰা আৰু চিৰিয়াখানালৈ আহিলে টিকটৰ বাবে দীঘলীয়া শাৰি পাতিব নালাগিব। অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই মুকলি কৰিছে এই ব্যৱস্থা৷ দিনে দিনে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি হৈ অহাৰ বাবে আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ্থে অসম ৰাজ্যিক চিৰিয়াখানাই হাতত লৈছে এক বিশেষ পদক্ষেপ৷ শুক্ৰবাৰে এইকথা জানিবলৈ দিয়ে চিৰিয়াখানাৰ ডি এফ অ’ টেজাজ মৰিস্বামীয়ে।

তেওঁ লগতে কয় যে বৰ্তমান সময়ত চিৰিয়াখানালৈ অন্য ৰাজ্যৰ পৰা বহু সংখ্যক জন্তু অনা হৈছে৷ গতিকে এই সমূহ জন্তু ওচৰৰ পৰা চোৱাৰ উদ্দেশ্যে চিৰিয়াখানাত কেইবা লক্ষাধিক পৰ্যটকৰ আগমন ঘটিছে৷ কিন্ত দূৰ দূৰণিৰ পৰা অহা বহু পৰ্যটকে দীৰ্ঘসময় চিৰিয়াখানাত টিকটৰ বাবে অপেক্ষা কৰিব লগা হয়৷ গতিকে ইয়াৰ উপশম ঘটাবলৈকে চিৰিয়াখানা কৰ্তৃপক্ষই অনলাইন টিকটৰ ব্যৱস্থা কৰিছে৷

চলিত মাহৰ ১৯ তাৰিখৰ পৰা আৰম্ভ কৰা এই অনলাইন টিকট ব্যৱস্থাৰ টিকটসমূহৰ মূল্য একেই হ'ব। আৰু এই অনলাইন টিকট ব্যৱস্থাটো ২৪ ঘণ্টাই খোলা থাকিব বুলিও ডি এফ অ’ গৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমানলৈকে কোনো লোকে অনলাইনত চিৰিয়াখানাৰ টিকট বুকিং কৰা নাই যদিও এই ব্যৱস্থাক লৈ আশাবাদী চিৰিয়াখানাৰ কৰ্তৃপক্ষ।

Your Comments