প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমক চিবিআইৰ আদালতত হাজিৰ

pc

বৃহস্পতিবাৰে বিয়লি চিবিআইয়ে প্ৰাক্তন গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰী পি চিডাম্বৰমক  ৰাওজ এভিনিও আদালতত হাজিৰ কৰোৱায়।আইএনএক্স মিডিয়া গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা চিডাম্বৰমক আদালতত হাজিৰ কৰোৱাই জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক পাঁচ দিনৰ জিম্মাত বিচাৰে অনুসন্ধানকাৰী সংস্থাটোৱে।আদলতত চিবিআইৰ হৈ চলছিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে।মেহতাই বক্তব্য প্ৰকাশ কৰে যে চিডাম্বৰমৰ বাবে আইএনএক্স মিডিয়া অনৈতিকভাৱে লাভৱান হৈছে।চিডাম্বৰমে তেওঁৰ পদৰ অপব্যৱহাৰ কৰিছিল।আদালতত বৰ্তমান চলি থকা যুক্তিতৰ্কত প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰ হৈ যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিব্বালে।তেওঁ চিডাম্বৰমৰ জামিন বিচাৰে।

Your Comments