কাঁহী-চামুচ হাতত লৈ চচলত কোনে,কিয় প্ৰতিবাদ কৰিলে?

voters

ভোটাৰ্ছ পাৰ্টিৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হ'ল মহানগৰীৰ চচল।কাঁহী-চামুচ বজাই প্ৰতিবাদ কৰিলে ভোটাৰ্ছ পাৰ্টিয়ে।বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এনেদৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে। যোৱা ২০ আগষ্টৰ পৰা আৰম্ভ হৈছিল এই ধৰ্ণা কাৰ্যসূচী। তৃতীয় দিনাও শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰে চচলৰ প্ৰতিবাদস্থলী।অহা ২৩ আগষ্টলৈকে চলিব এই প্ৰতিবাদ।ইফালে,কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ উত্থাপন কৰে  প্ৰতিবাদকাৰীসকলে।

'বানপানী ৰাষ্ট্রীয় সমস্যা কিয় নহয়-আমাক উত্তৰ লাগে', 'কংগ্ৰেছ-বিজেপি ভাই ভাই, ভোটাৰ ভাত্তা আৰম্ভ কৰক- নহ'লে গাদী খালি কৰক','ডি ভোটাৰৰ নামত ৰাজনীতি বন্ধ কৰক','মোডী চৰকাৰ হাই হাই', 'বানত মৰাতকৈ বিধানসভাৰ চোতালতে মৰিম','আমাক অধিকাৰ লাগে ভিক্ষা নহয়','ভোটাৰশ্বীপ আমাৰ সাংবিধানিক অধিকাৰ' আদি শ্লোগানেৰে উত্তাল হৈ পৰে চচলৰ ধৰ্ণাস্থলী। 
     

ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ সভাপতি ললিত পেগুয়ে কয় -'কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই। গতিকে তেওঁলোকৰ কাম-কাজে অসমখনক নাইকিয়া কৰিবলৈ বিচাৰিছে।চৰকাৰৰ এটা কথাই আমাক আচৰিত কৰিছে যে চৰকাৰে কিয় বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে? 

বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাত কি অসুবিধা আছে সেইটো সকলোকে জনাবলৈ আহ্বান জনাই ললিত পেগুয়ে কয়-যদিহে চৰকাৰক সহায় লাগে,তেনেহ'লে আমি সহায় কৰিম।কিন্তু বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিবই লাগিব।'

Your Comments