মহানগৰীত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱৰ আয়োজন: উপস্থিত থাকিব ভোজপুৰী সংগীতৰ ৰাণী কল্পনা পাটোৱাৰী

krishna

নিউজ ডেস্ক :
প্ৰতিবছৰৰ দৰে এইবাৰো হৰেকৃষ্ণ মুভমেণ্ট,কামৰূপ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ। অহা ২২-২৫আগষ্টলৈ মহানগৰীৰ সোনাৰাম বিদ্যালয় খেলপথাৰত আয়োজন কৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱৰ কথা আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে হৰে কৃষ্ণ মুভমেণ্ট,মহানগৰ জিলা সমিতিৰ সভাপতি জনাৰ্দন দাসে। তেওঁ কয় অহা ২২আগষ্টৰ পৰা হ'ব লগা শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱত প্ৰতিদিনে আধাত্মিক অনুষ্ঠানৰ অনুষ্ঠিত হ'ব। প্ৰত্যেক দিনাই নাম জপ, সাংস্কৃতিক অনুষ্ঠান, হেৰিটেজ ফেষ্টিভেল অনুষ্ঠিত হ'ব।লগতে তেওঁলোকে জানিবলৈ দিয়া অনুসৰি চাৰিটা দিনত সাংস্কৃতিক অনুষ্ঠানত ৩৫ৰ পৰা ৫০গৰাকীৰ কলা-কুশলীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।তাৰ ভিতৰত ২৩ আগষ্টৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব অসম কন্যা তথা ভোজপুৰী সংগীতৰ ৰাণী হিচাপে খ্যাত কল্পনা পাটোৱাৰীয়ে।

Your Comments