দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম-ৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

karmasala

নিউজ ডেস্ক:

দুৰ্নীতি নিৰ্মূল, স্বনিয়োজন, ক্ষুদ্ৰ উদ্যোগ আৰু ই-কমাৰ্চ সম্পৰ্কত দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি পৰে। যোৱা ১৭ আৰু ১৮ আগষ্টত দুদিনীয়াকৈ মহানগৰীৰ লাখটকীয়াত অনুষ্ঠিত এই কৰ্মশালা ৰাজ্যৰ ১৪ খন জিলাৰ প্ৰায় শতাধিক যুৱকে অংশগ্ৰহণ কৰে। বিশেষ প্ৰশিক্ষণ কৰ্মশালা খনত মূলত ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বনিয়োজন,  সংস্থাপন আৰু ই-কমাৰ্চৰ জৰিয়তে কেনেদৰে ৰাজ্যখনৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰি সেই সন্দৰ্ভত অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে বিস্তাৰিতভাৱে পাঠদান কৰে। ইয়াৰ উপৰি এই বিশেষ কৰ্মশালাতে  দুৰ্নীতি আৰু অপৰাধ ৰোধৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ দায়িত্ব-কৰ্তব্য শীর্ষক বিষয়ত আৰক্ষীৰ অধীক্ষক মুকুল শইকীয়া আৰু দুৰ্নীতি অপৰাধ শাখাৰ অৱসৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ দত্তই বিস্তাৰিতভাৱে কিছু নীতি-নির্দেশনা সন্দৰ্ভত আলোকপাত কৰে।

আনহাতে, বিশেষ প্ৰশিক্ষণ কৰ্মশালাত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কেনেদৰে দুৰ্নীতি নিৰ্মূল কৰিব পাৰি সেই সন্দৰ্ভত পাঠদান কৰে বিশিষ্ট আৰ টি আই কর্মী দিলীপ নাথে। নাথে ইয়াৰ উপৰি বাঁহ শিল্পৰ জৰিয়তে ৰাজ্যৰ নিবনুৱাই কেনেদৰে বিশ্বদৰবাৰত বিভিন্ন সমগ্রী নিৰ্মাণ প্ৰচলন কৰাব পাৰে সেই সন্দৰ্ভত প্ৰতিজন নৱপ্ৰজন্মক বনুৱা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। একেদৰে কৰ্মশালাত ই-কমাৰ্চৰ জৰিয়তে কেনেদৰে লাভৱান্বিত হ’ব পাৰি সেই সন্দৰ্ভত বিশদভাৱে প্ৰশিক্ষণ প্ৰদান কৰে বিহাৰৰ মনজিৎ কুমাৰে। বিশেষ প্ৰশিক্ষণ কৰ্মশালাখনি সফলভাৱে সমাপন হোৱাৰ অন্তত আয়োজক দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়, অহা এটা মাহৰ ভিতৰত তেওঁলোকে বহুকেইটা সংস্থাপনমুখী ব্যৱস্থা গ্ৰহণ কৰিব।

Your Comments