নিউজ ডেস্ক:
শ-শ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত ঐতিহাসিক অসম চুক্তি। সেই অসম চুক্তিৰে ফচল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ। দীর্ঘদিনীয়া অপেক্ষাৰ অন্তত ৰাজ্যবাসীয়ে অহা ৩১ আগষ্টত লাভ কৰিব এনআৰচিৰ চূড়ান্ত তালিকা। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশলৈ মাজত ১০টা দিন বাকী থকা সময়তে মংগলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, কেন্দ্ৰীয় মুখ্য সচিব আৰু কেন্দ্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে এনআৰচিৰ সন্দৰ্ভত এক বৈঠকত মিলিত হয়। উক্ত বৈঠকৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়, "এনআৰচিৰ পৰা বাদ পৰাসকল বিদেশী নহয়। তেওঁলোকে এনআৰচিৰ পৰা বাদ পৰাৰ পাছত বিদেশী ন্যায়াধিকৰণত পুনৰ আৱেদন কৰিব পাৰিব"। তেওঁ কয়. ফৰেনার্চ এক্ট ১৯৪৬ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেল অৰ্ডাৰ ১৯৬৪ অনুসৰি কেৱল বিদেশী ন্যায়াধীকৰণেহে এজন ব্যক্তি বিদেশী হয় নে নহয় সেই কথা ঘোষণা কৰিব পাৰে।
লগতে গৃহমন্ত্ৰী গৰাকীয়ে কয়, বৰ্তমান বিদেশী ন্যায়াধিকৰণত এজন ব্যক্তিয়ে আৱেদন কৰা সময়সীমা আছে ৬০ দিন। কিন্তু এনআৰচিৰ পৰা বাদ পৰা লোকসকলে ৬০দিনত আৱেদন কৰিব নোৱাৰিব পাৰে, সেই বাবে তেওঁলোকলৈ সময় ১২০ দিনলৈ বৃদ্ধি কৰা হব। আনহাতে এনআৰচিৰ পৰা বাদ পৰা লোকসকলক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে ঠায়ে ঠায়ে পৰ্যাপ্ত ন্যায়াধিকৰণ গঠন কৰিব বুলিও আজি ঘোষণা কৰে। লগতে নাম বাদ পৰাসকলক আইনগতভাৱে ৰাজ্য চৰকাৰে সহায় কৰিব বুলিও তেওঁ ঘোষণা কৰে।
- Log in to post comments
- 11 views