গুৱাহাটী মেডিকেল কলেজ হাস্পিতালত মহিলা চিকিৎসকৰ শ্লীলতাহানিৰ চেষ্টা : অভিযুক্তক গ্ৰেপ্তাৰ

gmch

নিউজ ডেস্ক :

ক্ৰমাৎ যেন নিৰাপত্তাহীন হৈ আহিছে ৰাজ্যৰ যুৱতী-মহিলা। অন্যটো বাদেই খোদ গুৱাহাটীৰ মেডিকেল কলেজ চৌহদতে হাস্পিতালৰ মহিলা চিকিৎসকো দুস্কৃতিকাৰীৰ নজৰৰ পৰা সাৰি থাকিব পৰা নাই।

খবৰ অনুসৰি সোমবাৰে বিয়লি গুৱাহাটীৰ মেডিকেল কলেজ হাস্পিতালত কৰ্মৰত অৱস্থাত এগৰাকীৰ মহিলা চিকিৎসকক আব্দুল মালেক নামৰ এটা মেডিকেল কলেজ হাস্পিতাল খনতেই কৰ্মৰত এজন কৰ্মচাৰীয়ে পাছফালৰ পৰা সাৱটি ধৰি শ্লীলতাহানিৰ চেষ্টা চলায়। লগে লগে মহিলা চিকিৎসক গৰাকীয়ে দানবৰূপী কৰ্মচাৰীজনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চিঞৰ-বাখৰ কৰে।মহিলা চিকিৎসক গৰাকীৰ চিঞৰ শুনি  চিকিৎসালয় খনৰ অন্য কৰ্মচাৰী সকল ঘটনস্থলীত উপস্থিত হয় আৰু মহিলা চিকিৎসক গৰাকীক উদ্ধাৰ কৰি আব্দুল মালেক নামৰ কৰ্মচাৰী জনক আটক কৰি ৰাখি ভঙাগড় আৰক্ষীৰ থানাত খবৰ দিয়ে।ভঙাগড় আৰক্ষীয়ে মেডিকেল খনত উপস্থিত হৈ অভিযুক্ত আব্দুল মালেকক গ্ৰেপ্তাৰ কৰে। 

ভঙাগড় আৰক্ষীয়ে মহিলা চিকিৎসক গৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩২০/১৯u/s৩৫৩/৩৫৪ ধাৰাত এক গোচৰ ৰুজু কৰি অপৰাধী জনক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আজি আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্ত আব্দুল মালেকক।

Your Comments