কৰ্ণাটকত পতন হ'ল ১৪ মাহ পুৰণি কংগ্ৰেছ-জেডিএছ চৰকাৰৰ। বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণত ব্যৰ্থ হোৱাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে মঙলবাৰে নিশা পদত্যাগ কৰে।মঙলবাৰে গধূলি সংখ্যাগৰিষ্ঠতা প্ৰমাণত কংগ্ৰেছ-জেডিএছ চৰকাৰৰ পক্ষত পৰিল ৯৯ টা ভোট।আনহাতে,বিজেপিৰ পক্ষত পৰিল ১০৫ টা।
এনেদৰে,দাক্ষিণাত্যত কমল পুনৰ ফুলাটো নিশ্চিত হ'ল।বি এছ য়েডুৰাপ্পাৰ নেতৃত্বত এতিয়া কৰ্ণাটকত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত হ'ল।
- Log in to post comments
- 13 views