তপন বৰগোহাঁই
অসমৰ বান সমস্যা সন্দৰ্ভত সোমবাৰে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অসমৰ কংগ্ৰেছী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। সংসদ ভৱনৰ সন্মুখৰ মহাত্মা গান্ধীৰ মূৰ্তিৰ তলত হাতে-হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে সাংসদসকলে সাব্যস্ত কৰে প্ৰতিবাদ।
অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, অসমৰ বানাক্ৰান্তক উচিত সাহায্য প্ৰদান কৰক, অসমত বানে সৃষ্টি কৰিছে ত্ৰাস-অসম চৰকাৰ শুই আছে আদি বিভিন্ন শ্লোগান প্লে- কাৰ্ডত লিখি সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীত সংসদৰ দুয়োটা সদনৰে অসমৰ কংগ্ৰেছী সাংসদসকল উপস্থিত থাকে। ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, ৰাণী নৰহ, সঞ্জয় সিং, লোকসভাৰ সাংসদ আব্দুল খালেক, প্ৰদ্যুৎ বৰদলৈয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য যে ইতিমধ্যে ৰাজ্যত বানৰ কবলত ২৫ খন জিলাৰ বিস্তৰ ক্ষতি সাধন হৈছে। ইয়াৰ উপৰি বৰ্তমান সময়লৈকে বানৰ কবলত মৃত্যু হৈছে ১১জনকৈ লোকৰ। কিন্তু, ইমানৰ পিছতো কেন্দ্ৰৰ মোডী চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে আজি পৰ্যন্ত বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি পোৱা নাই। ইয়াৰ উপৰি দুৰ্ভাগ্যজনক কথা এই যে ৰাজ্যৰ বানাক্ৰান্তক সহায় কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে এই পর্যন্ত ঘোষণা কৰা নাই এটকাও সাহায্যৰ ধন।
- Log in to post comments
- 22 views