বঙাইগাঁওঃ
বঙাইগাঁও জিলাত বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এনে ঘটনা ৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা উপায়ুক্ত আদিল খানে ৷ আনকি এনে ঘটনাৰ খবৰ পালেই ততালিকে গোচৰ ৰুজু কৰিবলৈকো জিলা শিশু সুৰক্ষা বিষয়াক নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে ৷ কাৰণ বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ ৰ মতে বাল্য বিবাহ এক অপৰাধ ৷ এই আইনৰ মতে বাল্য বিবাহত বহা নাবালকৰ অভিভাৱক, নাবালিকাৰ সৈতে বিবাহ কৰা পুৰুষ আৰু আনকি এনে বিবাহ সম্পন্ন কৰা সকলোকো জগৰীয়া বুলি গণ্য কৰা হয় ৷ উল্লেখ্য যে বঙাইগাঁও জিলা ন্যায়িক আদালতৰ সভা কক্ষত কালি ( বৃহস্পতিবাৰে) জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কিশোৰ অপৰাধ আইন, শিশু শ্ৰমিক আইন আৰু আন কিছু আইনৰ সফল ৰূপায়নৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত তেওঁ এই মন্তব্য কৰে ৷ বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে ন্যায়পালিকা, বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত ক্ষমতাৰ বিভাজন আছে যদিও সামাজিক সমস্যাসমূহৰ ক্ষেত্ৰত তিনিওৰে সমন্বয়ৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি জিলা আইন সেৱা প্ৰাধিকৰণে এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ তেওঁ শ'লাগ লয় ৷
আনহাতে বৈঠকত জিলাখনত বাল্য বিবাহ ৰোধৰ দায়িত্বত থকা জিলা শিশু সুৰক্ষা বিষয়াগৰাকীৰ এই ক্ষেত্ৰত ভূমিকা সন্তোষজনক নহয় বুলি উপায়ুক্ত আদিল খানে মুকলিকৈ সমালোচনা কৰে ৷ তেঁও বাল্য বিবাহ কেৱল এক সামাজিক ব্যাধিয়েই নহয় , বৰং ই এক অপৰাধো বুলি মন্তব্য কৰে ৷ বাল্য বিবাহৰ ফলত কৈশোৰ গৰ্ভধাৰণ বৃদ্ধি হোৱাই নহয়, ইয়াৰ বাবে কিশোৰ মাতৃ আৰু শিশুটিৰো স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহি পৰে ৷ তেওঁ লগতে আক্ষেপ কৰি কয় যে যি সময়ত কন্যাগৰাকীয়ে পঢ়া-শুনা, খেলা-ধুলা কৰিব লাগে, সেইসময়ত তেওঁ শাৰিৰীক, মানসিক আৰু আবেগিক কষ্ট সহ্য কৰিব লগা হয় ৷ সেয়ে এই ক্ষেত্ৰত জড়িত সংশ্লিষ্ট সকলোকে তেওঁ বাল্য বিবাহৰ বিৰুদ্ধে যুঁজৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় ৷ লগতে ইয়াৰ বাবে কঠোৰ আইনী ব্যৱস্থাৰ উপৰিও সমগ্ৰ জিলাতে তীব্ৰ সজাগতা অভিযান চলোৱাৰো তেওঁ পোষকতা কৰে ৷ বৈঠকৰ আৰম্ভণিতে মুখ্য ন্যায়িক দণ্ডাধীশ সুজাতা দত্তই বক্তব্য ৰখা এই গুৰুত্বপূৰ্ণ বৈঠকত বাল্য বিবাহ, কৈশোৰ গৰ্ভধাৰণ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কত বিশেষভাৱে আলোকপাত কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক স্মিতা ৰয় চক্ৰবৰ্তীয়ে ৷ তেওঁ কয় যে বাল্য বিবাহৰ ফলত কৈশোৰ গৰ্ভধাৰণ বৃদ্ধি পায় আৰু যাৰ বাবে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰে ৷
উল্লেখ্য যে দেশৰ ভিতৰতে কৈশোৰ গৰ্ভধাৰণৰ সংখ্যা বেছি থকা ৫০ খন জিলাৰ ভিতৰত বঙাইগাওঁ জিলাও অন্যতম ৷ NFHS-4 পৰিসংখ্যামতে বঙাইগাঁও জিলাত ২২ শতাংশ কৈশোৰ গৰ্ভধাৰণ পঞ্জীয়ন কৰা হৈছে ৷ ইয়াৰ বাবে জিলাখনত কৈশোৰ গৰ্ভধাৰণ, শিশুৰ পুষ্টিহীনতা, মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ জিলাখনৰ এক উল্লেখনীয় সমস্যা হিচাপে পৰিলক্ষিত হৈছে বুলিও কয় ৷ বৈঠকত বাল্য বিবাহৰ বলি হোৱা শিশুৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন আৰু POCSO আইনৰ সফল ৰূপায়নৰ বাবে এই ক্ষেত্ৰত জড়িত সকলোৰে সুসমন্বয়ৰ ওপৰতো আলোচনা কৰা হয় ৷
এই বৈঠকত কিশোৰ অপৰাধ আইন -২০১৫ , বাল্য বিবাহ (প্ৰতিৰোধ)আইন আৰু মানসিক স্বাস্থ্য আইন ২০১৭ ৰ সফল ৰূপায়ণৰ বাবে ল’ব লগা পদক্ষেপ আৰু এই ক্ষেত্ৰত জড়িত সংশ্লিষ্ট সকলো পক্ষৰ মাজত সুসমন্বয়ৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷ বৈঠকখনত জিলা উপায়ুক্ত আদিল খান , মুখ্য ন্যায়িক দণ্ডাধীশ সুজাতা দত্তৰ লগতে জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ প্ৰধান দণ্ডাধীশ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক চি. পি তালুকদাৰ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ বিষয়া ডাঃ লাবণ্য শৰ্মা, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আঁচনিৰ জিলা আঁচনি বিষয়া ডাঃ অলি ৰয় চক্ৰবৰ্তী, জিলা শিশু সুৰক্ষা বিষয়া , জিলা সমাজ কল্যাণ বিষয়া, শ্ৰম বিষয়া, জিলা আৰক্ষী প্ৰশাসনৰ উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা শীৰ্ষ ,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷
- Log in to post comments
- 50 views