বৰাকৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
কংগ্ৰেছ এৰি অগপত যোগ দিব বৰাকৰ দুই প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমেদে।অগপৰ হাইকমাণ্ডৰ লগত এই সম্পৰ্কত যোগাযোগ ৰাখি চলিছে গৌতম ৰয় আৰু ছিদ্দিক আহমেদে ।শুকুৰবাৰে আলগাপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে অগপৰ হাইলাকান্দি জিলাৰ সভাপতি আফতাব উদ্দিন লস্কৰে।তেওঁ লগতে কয় যে দলৰ নীতি নিয়ম মানি চলিলে আমি তেওঁলোকক সাদৰে গ্ৰহণ কৰিৱলৈ সাজু আছো।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি গৌতম ৰয়ে বিজেপি দলত যোগদান কৰিব বুলি চৰ্চা চলি আহিছিল।বৰাকৰ ৰাজনৈতিক ভূ-ৰখা এক সূত্ৰৰ মতে বহু শ্রেষ্ঠা কৰিও দলটোত থকা ৰাজনৈতিক প্ৰতিদ্বন্দীৰ উপৰি বিজেপিৰ একাংশ নেতা কৰ্মীয়ে তেওঁৰ যোগদানৰ দুৰ্ঘোৰ বিৰোধিতা কৰি অহাৰ বাবেই বিজেপিত যোগদান কৰিব নোৱাৰি গৌতম ৰয়ে নিজ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থতেই চৰকাৰ অংশীদাৰ দল অসম গণ পৰিষদ দলত যোগদান কৰিব বিচাৰিছে।
আন হাতে এসময়ৰ প্ৰতাপশালী মন্ত্ৰী ছিদ্দিক আহমেদেও তেওঁৰ মন্ত্ৰীত্বৰ কালছোৱাত হোৱা দুৰ্নীতিৰ তদন্ত কৰা হ'ব বুলি শংকিত হৈয়ে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিলেও একো আচৰিত হ'বলগীয়া নাথাকিব বুলিও এতিয়া বৰাকত চৰ্চা চলিছে।
- Log in to post comments
- 72 views