অসমবিৰোধী বিজেপিয়ে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছেঃ অপূৰ্ব ভট্টাচাৰ্য

অসমবিৰোধী বিজেপিয়ে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছেঃ অপূৰ্ব ভট্টাচাৰ্য

বিজেপি অসমবিৰোধী । এন আৰ চিক লৈ বিভাজনৰ ৰাজনীতি কৰিছে বিজেপিয়ে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ । উল্লেখ্য যে ৰাজ্যত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই শাসক দল বিজেপিৰ একাংশ নেতাই বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য প্ৰদান কৰি আহিছে ৷

এই সম্পৰ্কে দলটোৰ সভাপতি অমিত শ্বাহে সংসদৰ মজিয়াত এন আৰ চিৰ পৰা বাদ পৰা চল্লিছ লাখ লোক অবৈধ অনুপ্ৰৱেশকাৰী আৰু বিদেশী বুলি বিতৰ্কিত মন্তব্য কৰিছিল ৷ আনহাতে, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে এন আৰ চিৰ পৰা বাদপৰাসকলৰ কোনো এজনকে বিতাড়িত কৰা নহ'ব বুলি চাঞ্চল্যকৰ মন্তব্য কৰাৰ পিছত সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ।

এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে কংগ্ৰেছ । উল্লেখ্য যে ১৯৪২ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰস্তাৱ লৈছিল ভাৰত ত্যাগ আন্দোলনৰ । সেইবাবে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হোৱা চিৰস্মৰণীয় দিনটোক স্মৰণ কৰা হয় ।

ধুবুৰী ৰাজীৱ ভৱনত জাতিৰ পিতা মহাত্মা গান্ধীৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছত এন আৰ চি সম্পৰ্কীয় এখন সভা অনুষ্ঠিত কৰে দলটোৱে । উক্ত অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলাৰ পৰ্যবেক্ষক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এন আৰ চিৰ প্ৰসংগ উপস্থাপন কৰি খড়গহস্ত হৈ পৰে শাসক দলৰ প্ৰতি ।

তেওঁ কয়- 'বিজেপিয়ে পূৰ্বৰ এজেণ্ডামতেই অসমবিৰোধী কাম-কাজ আৰম্ভ কৰিছে । আগৰে পৰাই কৰি অহা এই ষড়যন্ত্ৰ এতিয়ো জলজল-পটপট হৈ পৰিছে ৷' বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিয়ে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব খুজিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

Your Comments