মঙলবাৰে নিশা এনডিএৰ দলসমূহৰ শীৰ্ষ নেতাসকলৰ সৈতে ৰাত্রিভোজৰ আলোচনাত মিলিত হোৱাৰ পূৰ্বে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভা নিৰ্বাচনত বিজয়ী হ'ব বুলি দৃঢ়মত পোষণ কৰে।
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত অহা ২৫ মে'ত পুনৰ কেবিনেট মন্ত্ৰীসকলৰ বৈঠকৰ প্ৰয়োজন হ'ব বুলি মোডীয়ে উল্লেখ কৰে।লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত লাভ কৰা জনসমৰ্থনৰ বিষয়ে উল্লেখ কৰি বৈঠকত কেইবাবাৰো আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী।
- Log in to post comments
- 15 views