ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগত ব্যাপক হিংসা

bengal

নিউজ ডেস্ক :

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা দেওবাৰে  পশ্চিম বংগত হিংসাত্মক ঘটনা সংঘটিত হৈছে।এজন বিজেপি সদস্য আৰু এজন তৃণমূল কংগ্ৰেছ সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।দুয়োটা দলে পৰস্পৰৰ ওপৰত কৰ্মীহত্যাৰ অভিযোগ আনিছে।


আনহাতে,ঘাটল লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষৰ কনভয়ৰ গাড়ীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলাইছে।তৃণমূল কংগ্ৰেছৰ সদস্যই এই আক্ৰমণ চলোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে।

Your Comments