মনোনয়নৰ পূৰ্বে বটদ্ৰৱা থানত আশিস ল'লে প্ৰদ্যুৎ বৰদলৈয়ে

মনোনয়নৰ পূৰ্বে বটদ্ৰৱা থানত আশিস ল'লে প্ৰদুৎ বৰদলৈয়ে

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

সন্মানীয় নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি নগাঁও জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন-পত্ৰ দাখিল কৰে৷ মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে প্ৰাৰ্থীগৰাকী পুৱাই উপস্থিত হয়হি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুন্ঠখ্যাত বটদ্ৰৱা থানত৷ সপত্নীক প্ৰদ্যুৎ বৰদলৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক গৌতম বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰাই বটদ্ৰৱা থানত সেৱা নিবেদন কৰি আশীৰ্বাদ গ্ৰহণ কৰে৷ 

শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছী নেতাসকলক বটদ্ৰৱা থানত পৰিচালনা সমিতিৰ হৈ সভাপতি দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, সহকাৰী সম্পাদক যোগেন বৰুৱা, কাৰ্যকৰী সদস্য কল্যাণ কলিতা, প্ৰশান্ত ভড়ালী প্ৰমুখ্যে শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই ধৰ্মবস্ত্ৰ, স্মৃতিগ্ৰন্থ আদিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনেও থান পৰিচালনা সমিতিৰ সভাপতি, সত্ৰাধিকাৰ তথা সাধাৰণ সম্পাদকক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে৷ 

মনোনয়নৰ পূৰ্বে বটদ্ৰৱা থানত আশিস ল'লে প্ৰদুৎ বৰদলৈয়ে

বটদ্ৰৱা থানত সেৱা নিবেদন কৰি থান চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ কেইবাটাও প্ৰশ্নৰ মুখামুখি হৈ নিজৰ মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী নেতাকেইজনে৷ এআইইউডিএফৰ লগত মিত্ৰতা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়- 'এআইইউডিএফৰ লগত আমাৰ কোনো ধৰণৰ মিত্ৰতা হোৱা নাই আৰু নহয়৷ ধুবুৰীৰ লগতে এআইইউডিএফে প্ৰাৰ্থিত্ব দিয়া তিনিওখন আসনতে কংগ্ৰেছ দলে নিৰ্বাচন খেলিব৷ কংগ্ৰেছ দলৰ ভেটি বহুত সুদৃঢ় আৰু অসমত ১০খন আসন আমি লাভ কৰিম৷ কলিয়াবৰত সাংসদ গৌৰৱ গগৈ অভিলেখসংখ্যক ভোটত বিজয়ী হৈ ৰাহুল গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীৰ আসন শুৱনি কৰিব৷

কলিয়াবৰত গৌৰৱৰ কোনো প্ৰত্যাহ্বানেই নাই সেয়ে তেওঁ বৰ্তমান দিল্লী, পশ্চিমবংগ আদিত দলৰ সভাপতি ৰাহুল গান্ধীৰ লগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে৷' নগাঁও লোকসভা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত ৰকিবুল হুছেইনে কয়- 'বহু বছৰৰ মূৰত নগাঁও সমষ্টিটো কংগ্ৰেছে দখল কৰাটো নিশ্চিত হৈছে৷ বিভিন্ন সমষ্টিৰ ভোটাৰ ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক যিদৰে আদৰিছে, মৰম দিছে সেয়া অভূতপূৰ্ব৷ সকলোৱে বিজেপিৰ ২০ বছৰীয়া অপশাসনৰ পৰা নগাঁও লোকসভা সমষ্টিটো মুক্ত হোৱাটো বিচাৰিছে৷' নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰদ্যুৎ বৰদলৈয়ে বটদ্ৰৱা থানৰ দৰে পুণ্যভূমিত সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ, পৰিচালনা সমিতিয়ে দিয়া আদৰ, মৰম, আশীৰ্বাদে তেওঁৰ সাহস, উৎসাহ বহুগুণে বৃদ্ধি কৰিলে বুলি মন্তব্য কৰি গুৰুজনাৰ কৃপাত তেওঁ নগাঁও লোকসভাত বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব বুলি দৃঢ় মত প্ৰকাশ কৰে৷

Your Comments