মঙলদৈত নিৰ্বাচনী আচৰণবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি : অভিযোগ কৰিব পাৰিব মোবাইলত

election_ls.

মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকা
১৮ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া ৮ নম্বৰ মঙলদৈ লোকসভা সমষ্টিৰ আইন শৃংখলাৰ লগতে নিৰ্বাচনী আচৰণবিধি অটুট ৰাখিবলৈ দৰং জিলা প্রশাসনৰ লগতে অধিক তৎপৰ হৈ পৰিছে সমষ্টিটোত নিৰ্বাচনী আয়োগে নিয়োগ কৰা পৰ্যবেক্ষকসকল। ইতিমধ্যে আৰক্ষী পৰ্যবেক্ষক হিচাপে দায়িত্ব গ্রহণ কৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শংকৰ জীৱালে আইন শৃংখলাৰ লগতে নিৰ্বাচনী আচৰণবিধি সম্পৰ্কীয় যিকোনো ধৰণৰ অভিযোগৰ বাবে তেওঁৰ লগত পোনপটীয়া যোগাযোগৰ বাবে আহ্বান জনাইছে ।

কোনো লোকে নিৰ্বাচনী আৰক্ষী পৰ্যবেক্ষকগৰাকীক এই সংক্ৰান্তত সাক্ষাৎ কৰিব বিচাৰিলে মঙলদৈ আৰক্ষী অতিথিশালাত পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত লগ ধৰিব পাৰিব অথবা তেখেতৰ মোবাইল ফোন নম্বৰ ৬০০২৬৬৭৬৯৬ নম্বৰত প্রত্যক্ষ যোগাযোগ কৰিব পাৰিব।

উল্লেখ্য যে, আৰক্ষী পৰ্যবেক্ষক শংকৰ জীৱাল তামিলনাডু চৰকাৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান পদত কৰ্মৰত। ইপিনে মঙলদৈ আৱৰ্ত ভৱনত বাহৰ পাতি থকা ৮নং মঙলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষক (সাধাৰণ) জেকে পাঠানিয়াই অহা ২৮ আৰু ২৯ মাৰ্চত ওদালগুৰি আৱৰ্ত ভৱনত কটাব। এই সময়ছোৱাত নিৰ্বাচনী সম্পৰ্কীয় কিবা অভিযোগ থাকিলে ওদালগুৰি আৱৰ্ত ভৱনত পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত তেখেতক লগ ধৰিব পাৰিব।

তদুপৰি তেখেতৰ মোবাইল নম্বৰ ৬০২৬০২৯৮৫০ নম্বৰত যোগাযোগ কৰিও নিৰ্বাচন কেন্দ্রিক যিকোনো অভিযোগ দাখিল কৰিব পাৰিব বুলিও তেও লগতে জানিবলৈ দিছে।

Your Comments