প্ৰবল ধুমুহাত বইটামাৰী-বিদ্যাপুৰ অঞ্চলত ব্যাপক ক্ষতিসাধন

boitamari_

বইটামাৰীৰ পৰা বিশেষ প্ৰতিবেদক
আজি দুপৰীয়া অহা প্ৰবল ধুমুহাই বঙাইগাঁও জিলাৰ বইটামাৰী-বিদ্যাপুৰ অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে । জানিব পৰা মতে বিদ্যাপুৰ অঞ্চলৰ অতি প্ৰাচীন ২২ নং বিদ্যাপুৰ জেবি স্কুলত আজি সেই অকস্মাতে অহা ধুমুহাৰ ফলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । ধুমুহাত গছ এডাল ভাঙি বিদ্যালয়গৃহ আৰু লগতে থকা শৌচাগাৰ-প্ৰেসাৱগাৰৰ ওপৰতে ভাঙি পৰে । বিদ্যালয়গৃহ আৰু শৌচাগাৰৰ ওপৰৰ টিনৰ চালি ভাঙি যায় ।

বিদ্যালয়গৃহৰ ছিলিঙৰো ক্ষতিসাধন হয় । ইয়াৰ ফলত বিদ্যালয়খনত হুৱা-দুৱা লাগে । অৱশ্যে ছাত্ৰ-ছাত্ৰীসকল কথমপি ৰক্ষা পৰে । একেদৰে উত্তৰ বইটামাৰী অঞ্চলৰ বাঁশবাৰী বৈষ্ণৱপাৰা গাঁৱতো ধুমুহাত এঘৰ দুখীয়া লোকৰ বাসগৃহ ভাগি-ছিগি গৈছে । বৃহত্তৰ বইটামাৰী অঞ্চলত আন বহুলোকৰ ক্ষতি হয়। বিদ্যুতৰ তাঁৰ আদিও ছিঙি পৰে ।

দুপৰীয়া ১১:৩০ মান বজাত হঠাতে অহা বৰদৈচিলা জাঁকে আজি সমগ্ৰ অঞ্চলতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । সেই সময়ত কলা আকাশে চৌদিশ আৱৰাৰ লগতে প্ৰৱল ধুমুহাত ধুলিৰ প্লাৱন হয় আৰু গছ-গছনি ভাঙি পৰে। একেদৰে কিছু বৰষুণ আৰু বিজুলী-গাজনিয়েও আতংকৰ সৃষ্টি কৰে ।

Your Comments