জালাহৰ পৰা গুঞ্জন দাস
২০১৯ৰ লোকসভা নিৰ্বাচনত অকল নৱ কুমাৰ শৰণীয়াৰ যুঁজ নহয়, এই যুঁজ বিটিএডিত থকা সমগ্ৰ অবড়ো লোকৰে৷ ভোটেপোৱাবড়ীত নৰসিংহ কীৰ্তন ঘৰ দৌল মহোৎসৱত এই মন্তব্য আগবঢ়ায় কোকৰাঝাৰ সংসদীয় সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ভাৰতৰ কোনটো সমষ্টিত কোনে জয়লাভ কৰে তাত কোকৰাঝাৰ সমষ্টিৰ ভোটাৰৰ কোনো চিন্তা নাই, কিন্তু কোকৰাঝাৰ সমষ্টিৰ অবড়ো ৰাইজ সুৰক্ষিত হৈ থাকিবলৈ হ'লে এজন অবড়ো প্ৰাৰ্থী প্ৰক্ষেপ কৰিবই লাগিব। ২০১৪ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পৰা তেওঁ অবড়োৰ হৈ কাম কৰিছে আৰু অনাগত দিনলৈ কৰি যাব বুলি উল্লেখ কৰে। ৰাজনৈতিকভাৱে শক্তিশালী নহ'লে বিটিএডিত ফাকুৱা উৎসৱ কিম্বা আন উৎসৱ পালন কৰাটো এটা সময়ত হয়তো ধূসৰ হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে।
- Log in to post comments
- 16 views