সোণাৰিৰ পৰা ঘন বৰা
সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ সমান্তৰালভাৱে চৰাইদেউ জিলাতো যোৰহাট লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতি ব্যাপকভাৱে চলাই থকা হৈছে। জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ইতিমধ্যে বিভিন্ন নিৰ্বাচনী কোষ গঠন কৰি প্ৰতিটো কোষক নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। জিলাখনৰ সোণাৰি মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত লোকসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰু প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। অতিৰিক্ত উপায়ুক্ত দীপক কুমাৰ ভুঞাই পৰিচালনা কৰা এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৪৩৬জন প্ৰিজাইডিং বিষয়াসহ মুঠ ১,৭৪০জন ব্যক্তিয়ে।
ইয়াৰ উপৰি এইবাৰৰ লোকসভা নিৰ্বাচনৰ লক্ষণীয় দিশটো হ'ল নতুনকৈ প্ৰৱৰ্তন কৰা ভিভি পেট (VVPAT)। নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে জিলাখনৰ অন্তৰ্গত ১০৫নং মাহমৰা বিধানসভা সমষ্টি আৰু ১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শ কৰাকৈ ছুইপ বিষয়ক সজাগতা সভা, নিৰ্বাচন পাঠশালা আৰু ভিভি পেট (VVPAT) বিষয়ক ব্যৱহাৰিক প্ৰশিক্ষণ দিছে। সমগ্ৰ নিৰ্বাচনৰ বিষয়টো তদাৰক কৰিছে উপায়ুক্তৰ লগতে তিনিজনকৈ অতিৰিক্ত উপায়ুক্ত, এগৰাকী নিৰ্বাচনী বিষয়া, তিনিগৰাকী ৰাজহ চক্ৰ বিষয়া, চাৰিগৰাকী সহকাৰী আয়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী সাক্ষৰতা বৃদ্ধি কৰা আৰু বিশেষভাৱে সক্ষম লোকসকলক নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে থকা “আই হেল্প” ব্যৱস্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰে। নিৰ্বাচনী আচৰণ বিধি পৰ্যবেক্ষণ তথা সূচাৰুৰূপে চলাই নিবলৈ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰাক দায়িত্ব অৰ্পণ কৰাৰ লগতে অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে নিৰ্বাচনৰ আন আন দিশবিলাক চোৱাচিতা কৰিছে।
ভোটদাতা ৰাইজে ভোটদান কৰিবলৈ আহোঁতে তেওঁলোকৰ ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰত যদি কিবাপ্ৰকাৰে বিসংগতি বা ভুল থাকি যায় এইক্ষেত্ৰত ভোটদাতাসকলে পাছপোৰ্ট, চালকৰ অনুজ্ঞা-পত্ৰ, ফটোযুক্ত চাকৰিৰ পৰিচয়-পত্ৰ, বেংক পাচবুক, ডাকঘৰ পাচবুক, পানকাৰ্ড, এমজি এনৰেগা জব কাৰ্ড, স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড, ফটোযুক্ত পেঞ্চনৰ নথিপত্ৰ, আধাৰ কাৰ্ড আদিৰ যিকোনো এটাৰ সহায়ত ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহায়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 21 views