গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
কোনো এজন ভোটাৰ বাদ নপৰাকৈ আগন্তুক লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গোলাঘাটত আজিৰে পৰা আৰম্ভ হৈছে প'লিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ কাৰিকৰী প্ৰশিক্ষণ শিবিৰ। আজিৰে পৰা ৮ এপ্ৰিললৈকে পৰ্যায়ক্ৰমে প্ৰায় ২,২০০গৰাকী বিষয়াই এই প্ৰশিক্ষণ গ্ৰহণ কৰিব। দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয় আৰু কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে। প্ৰধানকৈ ইভিএম আৰু নৱসংযোজিত ভিভি পেটৰ ব্যৱহাৰিক প্ৰশিক্ষণত প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰিছে।
গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা আৰু জিলা নিৰ্বাচনী বিষয়া কোকিলা গগৈয়ে প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ প্ৰশিক্ষণৰ সম্পূৰ্ণ কাৰ্যসূচী নিৰীক্ষণ কৰে। লগতে জিলা উপায়ুক্ত হাজৰিকাই আজি প্ৰশিক্ষণ লোৱা সকলো বিষয়াক নিয়াৰীকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সহযোগিতা বিচাৰি আহ্বান জনায়। ইয়াৰোপৰি, নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দিশত প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে।
- Log in to post comments
- 13 views