হাউলীৰ পৰা দিদাৰ হুছেইন
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মথনগুৰি সমষ্টিৰ উদ্যোগত বিপিএফৰ শালবাৰী জিলা সমিতিৰ এখন কৰ্মীসভা দেওবাৰে হাউলীৰ ওচৰৰ হটাপাৰাস্থিত বিপিএফৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়৷ সভাত সভাপতিত্ব কৰে দলৰ জিলা সমিতিৰ সভাপতি মিলন বড়োৱে৷ সভাত জিলাখনৰ বিভিন্ন সমষ্টি কমিটী, আঞ্চলিক কমিটী, প্ৰাথমিক কমিটী, বুথ কমিটী আদিৰ পৰা প্ৰায় ১২ শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক কেনেকৈ নিৰ্বাচিত কৰিব পৰা যাব তাৰ ৰণনীতি প্ৰস্তুত কৰে৷
উক্ত কৰ্মীসভাত মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাস, প্ৰাক্তন এমচিএলএ মাখন স্বৰ্গীয়াৰী, বিপিএফৰ শালবাৰী জিলা সমিতিৰ উপ-সভাপতি হৰিমোহন স্বৰ্গীয়াৰী, জিলা উপ-সভাপতি জয় মুচাহাৰী, মথনগুৰি ব্লক বিপিএফৰ সভাপতি খনীন্দ্ৰ বৰ্মন, প্ৰাক্তন এমচিএলএ ৰণজিৎ খেৰকেটাৰী আদি উপস্থিত থাকি বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মক নিৰ্বাচনত জয়ী কৰাবলৈ এতিয়াৰে পৰা ৰাইজৰ মাজত নামি যাবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়| উল্লেখ্য যে এবছুৰ নেতৃবৰ্গক সভাত বিপিএফৰ নেতাসকলে তীব্ৰ সমালোচনা কৰে|
- Log in to post comments
- 19 views