সভাপতিক সমৰ্থন কৰিবলৈ গৈ দলৰ পৰাই অব্যাহতি ল'বলগা হ'ল অগপ নেতা লীলাধৰ শালৈয়ে

সভাপতিক সমৰ্থন কৰিবলৈ গৈ দলৰ পৰাই অব্যাহতি ল'বলগা হ'ল অগপ নেতা লীলাধৰ শালৈয়ে

অগপ-বিজেপিৰ মিত্ৰতাক লৈ অগপ দলৰ একাংশ সদস্যই মুকলি সমৰ্থন আৰু আন একাংশ সদস্যই মুকলি বিৰোধিতা কৰি অহাৰ সময়তে অগপ সভাপতিৰ স্থিতিক সংবাদ মাধ্যমযোগে মুকলি সমৰ্থন জনাই দলটোৰে আন একাংশ নেতাৰ ৰোষত পৰাৰ এক আমোদজনক ঘটনা সংঘটিত হৈছে ৰঙিয়া জিলা অগপত। জানিব পৰামতে, অগপৰ ৰঙিয়া সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক লীলাধৰ শালৈয়ে অগপ-বিজেপিৰ শেহতীয়া মিত্ৰতাক সমৰ্থন জনাই বাতৰিকাকতত এক প্ৰেছ বিজ্ঞপ্তি দিছিল।

দলটোৰ ৰঙিয়া জিলা সমিতিক অতিক্ৰম কৰি সমষ্টি সমিতিৰ নামত শালৈয়ে এই কাম কৰাৰ অপৰাধত তেওঁক এবছৰৰ বাবে দলটোৰ পৰা অব্যাহতি দিয়া বুলি জনাইছে জিলা সমিতিৰ সভাপতি ধ্ৰুৱ শৰ্মাই। বিগত বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিত অগপ-বিজেপিৰ মিত্ৰতাক একাংশই বিৰোধিতা কৰাৰ বিপৰীতে এইগৰাকী অগপ নেতাৰ নেতৃত্বতে একাংশ অগপ কৰ্মীয়ে কেন্দ্ৰীয় সমিতিৰ নীতি-নিৰ্দেশনা মানি লৈ দলীয় কাম কৰি গৈছিল বুলি দলটোৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

সূত্ৰটোৰ অভিযোগ এয়েই যে সেই সময়ৰ পৰা বৰ্তমানলৈকে অগপ-বিজেপিৰ মিত্ৰতাক বিৰোধিতা কৰি অহা একাংশইহে কেন্দ্ৰীয় সমিতিৰ নীতি-নিৰ্দেশনা মানি অগপ-বিজেপিৰ মিত্ৰতাক সমৰ্থন আগবঢ়োৱা ৰঙিয়া সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক লীলাধৰ শালৈক আক্ৰোশমূলকভাৱে অব্যাহতি দিয়ে। এই ঘটনাই কাৰ্যতঃ অগপ দলটোৰ মাজত মিত্ৰতা সমৰ্থনকাৰী আৰু মিত্ৰতাবিৰোধী দুটা ফৈদ যে আজিও সক্ৰিয় হৈ আছে তাকেই প্ৰতীয়মান কৰিছে।

এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই কি ব্যৱস্থা গ্ৰহণ কৰে বা সমগ্ৰ ঘটনাক্ৰমক কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া এই মুহূৰ্তত লক্ষণীয় হৈ পৰিছে।

Your Comments