সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাজু বঙাইগাঁও জিলা প্ৰশাসন । এই কথা ব্যক্ত কৰিছে জিলা নিৰ্বাচনী বিষয়া তথা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ৬নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰি এই কথা প্ৰকাশ কৰে ৷ সংবাদমেলত বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে প্ৰকাশ কৰামতে, এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ হৈছে ১,৭০,৪৬৭গৰাকী ৷
ইয়াৰে ৮৫,৫৮৮গৰাকী পুৰুষ আৰু ৮৪,৮৭৯গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত 'ডি' ভোটাৰ আছে ২৯২গৰাকী ৷ আনহাতে, ছাৰ্ভিচ ভোটাৰৰ সংখ্যা হ'ল ১,০০৬গৰাকী ৷ ইয়াৰ ভিতৰত ৯৭২গৰাকী পুৰুষ আৰু ৩৪গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত মুঠ ২৪২টা ভোটগ্ৰহণ কেন্দ্ৰ যদিও ইয়াৰ ভিতৰত ১৯০টা কেন্দ্ৰ বঙাইগাঁও জিলা প্ৰশানৰ আৰু ৫২টা কেন্দ্ৰ চিৰাং জিলা প্ৰশানৰ অধীনত পৰিছে৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত ৫২টা কেন্দ্ৰ নগৰ অঞ্চলত, ১৭৯টা কেন্দ্ৰ গ্ৰামাঞ্চলত আৰু ৯টা কেন্দ্ৰ ৰে'লৱে' এলেকাত পৰিছে ৷ সেইদৰে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে সমষ্টিটোক ৯টা জ'ন, ৩২টা ছেক্টৰত ভাগ কৰা হৈছে
গঠন কৰা হৈছে ২৮টা বিভিন্ন কোষ ৷ সমষ্টিটোৰ ৩২টা ভোটগ্ৰহণ কেন্দ্ৰ জটিল, ১০০টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৩২টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে ৷ আনহাতে, তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে থকাৰ লগতে ৮টা ভোটগ্ৰহণ কেন্দ্ৰত মহিলা পুলিং বিষয়া নিয়োগ কৰা হ'ব বুলিও জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ সংবাদমেলত জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে প্ৰকাশ কৰামতে, এইবাৰ ভোটাৰৰ বাবে ইভিএমৰ লগতে ভিভিপেট (VVPAT) থাকিব ৷
ইতিমধ্যে এই সন্দৰ্ভত আঠটা সজাগতা গোটে সমষ্টিটোৰ ভোটাৰসকলৰ মাজত সজাগতা চালাই আছে আৰু বৰ্তমানলৈকে সমষ্টিটোৰ ৩২,২৩০জন লোকক সাঙুৰি লৈ সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰিছে ৷
ইপিনে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাত বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত লগোৱা চৰকাৰী আঁচনিৰ হৰ্ডিং, বেনাৰ, পোষ্টাৰ তথা ৰাজনৈতিক নেতা, মন্ত্ৰীৰ ফটো আদি আঁতৰোৱাৰ কাম আৰম্ভ কৰা বুলিও প্ৰকাশ কৰে ৷ ইতিমধ্যে ২৬খন হৰ্ডিং, ৩২খন বেনাৰ আৰু ১২খন পোষ্টাৰ আঁতৰ কৰা বুলিও জানিবলৈ দিয়ে ৷ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াত মুঠ ১,১২৪গৰাকী বিভিন্ন বিভাগৰ লোকক জড়িত কৰা হ'ব বুলিও কয় ৷ আনহাতে, সংবাদমেলত জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে জিলাখনত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত কয় যে জিলাখনৰ নিৰাপত্তাৰ দিশটো পৰিচালনাৰ বাবে ইতিমধ্যে তিনিটা বিধানসভা সমষ্টিৰ ৬৬৯টা ভোটগ্ৰহণ কেন্দ্ৰক সামৰি ১২টা জ'ন আৰু ৬১টা ছেক্টৰত ভাগ কৰা হৈছে ৷
জিলাখনত বৰ্তমান থকা নিৰাপত্তা বাহিনীৰ উপৰি আন ১০টা অতিৰিক্ত নিৰাপত্তা বাহিনী বিচাৰি আবেদন জনোৱা হৈছে ৷ জিলাখনত ৬৯টা ভোটগ্ৰহণ কেন্দ্ৰক জটিল কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে ৷ সংবাদমেলত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সংবাদকৰ্মীসকলৰ সহযোগিতা কামনা কৰে ৷ উল্লেখ্য যে সংবাদমেলত নিৰ্বাচন বিভাগৰ তৰফৰ পৰা এটা কণ্ট্ৰোল ৰুম স্থাপন কৰা বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে ৷ কিবা অভিযোগ আদি থাকিলে উক্ত কণ্ট্ৰোল ৰুমৰ ০৩৬৬৪-২৩১২৮৬ নম্বৰত ফোন কৰি অভিযোগ আদি দিব পাৰিব বুলিও লগতে কয় ৷
- Log in to post comments
- 20 views