লংকাৰ পৰা মনোজ কুমাৰ পাঠক
সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ আছে হোজাই জিলা প্ৰশাসন। এক সংবাদমেলযোগে এই কথা ব্যক্ত কৰে জিলা নিৰ্বাচন বিষয়া তথা হোজাই জিলাৰ উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁয়ে। হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত নিৰ্বাচনকেন্দ্ৰিক প্ৰথমখন সংবাদমেলত জিলা নিৰ্বাচন বিষয়াজনে ১০নং নগাঁও লোকসভাৰ অন্তৰ্গত হোজাই জিলাৰ তিনিটা বিধানসভাৰ ভোটদান, ভোটগ্ৰহণ আৰু ভোটগণনা সন্দৰ্ভত বিভিন্ন তথ্য সংবাদ মাধ্যমক প্ৰদান কৰে। সংবাদমেলত হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে যমুনামুখ, হোজাই আৰু লামডিং সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৬,৪০,১২৩জন হোৱাৰ বিপৰীতে পুৰুষ ভোটাৰ ৩,৩৪,১৬৩জন আৰু মহিলা ভোটাৰ ৩,০৫,৯৪৭গৰাকী আৰু অন্যান্য ১৩গৰাকী।
জিলাখনৰ যমুনামুখ বিধানসভা সমষ্টিত ১,০৪,৮৮৬জন পুৰুষ, ৯৪,৫৫৭ গৰাকী মহিলা আৰু ৪গৰাকী তৃতীয় লিংগক সামৰি মুঠ ভোটাৰ ১,৯৯,৪৪৭জন। ঠিক তেনেদৰে জিলাখনৰ সদৰ সমষ্টি হোজাই বিধানসভা সমষ্টিত ১,২৬,৬৫৯জন পুৰুষ, ১,১৬,৪০৬গৰাকী মহিলা আৰু ৭গৰাকী তৃতীয় লিংগক সামৰি মুঠ ভোটাৰ ২,৪৩,০৭২জন। ইফালে ৯২নং লামডিং বিধানসভা সমষ্টিত ১,০২,৬১৮জন পুৰুষ, ৯৪,৯৮৪গৰাকী মহিলা আৰু ২জন তৃতীয় লিংগক সামৰি মুঠ ভোটাৰ ১,৯৭,৬০৪জন। এই তিনিটা সমষ্টিৰ ভোটদানৰ বাবে মুঠ ৭৯৩টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
ইয়াৰে যমুনামুখত ২৪০টা, হোজাইত ৩০১টা আৰু লামডিঙত মুঠ ২৫২টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে লামডিং বিধানসভা সমষ্টিৰ ৯৪নং চৌধুৰীপাৰ এল পি স্কুলৰ ভোটকেন্দ্ৰ কাৰ্বিআংলং প্ৰশাসনে কিছুদিন আগতে উচ্ছেদ চলাই ভাঙি দিয়াত সেই কেন্দ্ৰটো নতুনকৈ স্থাপন কৰাৰ কথা জিলা নিৰ্বাচনী বিষয়াজনে সংবাদমেলত প্ৰকাশ কৰে। সংবাদমেলত তেওঁ আৰু প্ৰকাশ কৰে যে জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিত মুঠ ২,৪৪৬জন 'ডি' ভোটাৰ আছে। ইয়াৰে যমুনামুখত পুৰুষ ১৭৭জন, মহিলা ১৭৬গৰাকীসহ মুঠ ৩৫৩জন, হোজাইত পুৰুষ ৬৯৬জন, মহিলা ১,১১৮গৰাকীসহ মুঠ ১,৮১৪জন আৰু লামডিং সমষ্টিত পুৰুষ ২১২জন, মহিলা ১৬৬গৰাকীসহ মুঠ ৩৭৭জন 'ডি' ভোটাৰ আছে।
হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি সামৰি মুঠ ৫০টা ছেক্টৰ আৰু ২০টা জ'নত ভাগ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ বাবে মুঠ ৩,৯৬৫জন বিভিন্ন শ্রেণীৰ বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজন হ'ব। ১২জনৰ বাহিৰে এন আৰ চিত নিয়োজিত কোনো লোককে নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰা হোৱা নাই। এই ১২জন এন আৰ চিত জড়িত লোকক এন আৰ চিৰ কামত বাধা নোহোৱাকৈ বিশেষভাৱে বিভিন্ন কোষত নিয়োগ কৰা হ'ব বুলি জিলা নিৰ্বাচন বিষয়াজনে মন্তব্য কৰে। নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত বিষয়া-কৰ্মচাৰীসকলক ইতিমধ্যে সোমবাৰে এবাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু অহা ১৭ আৰু ২৬ মাৰ্চ তাৰিখে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
জিলাখনত নিৰ্বাচন পৰিচালনা কৰাৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগৰ পৰা ২,২৯,২৫,১০০ টকা লাভ কৰা হৈছে। এই ধনৰাশিৰ উপৰি প্ৰয়োজনসাপেক্ষে বিল অনুযায়ী আৰু ধন প্ৰদান কৰিব বুলি জিলা নিৰ্বাচন বিষয়াজনে প্ৰকাশ কৰে। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে এটা কণ্ট্ৰোল ৰুম স্থাপন কৰিছে। টোল ফ্ৰী ১৯৫০ নম্বৰত ফোন কৰিলে নির্বাচন সন্দৰ্ভত বিভিন্ন তথ্য লাভ কৰিব। জিলা নিৰ্বাচন বিষয়াজনে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিভিন্ন বাধ্যবাধকতা, মডেল কোড এব্ কনডাক্ট, বিভিন্ন নিয়মাৱলী আদিৰ বিষয়ে সংবাদমেলত ঘোষণা কৰে। সংবাদমেলত জিলা নিৰ্বাচন বিষয়াজনে সমাগত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে মুকলি কৰি দিয়া ৱেবছাইট কেইটাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে।
- Log in to post comments
- 27 views