বিষাক্ত চুলাই সুৰা : ২৮ ফেব্ৰুৱাৰীত লোক শুনানি

logo_posotion_drink

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
 
অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী বিষাক্ত চুলাই সুৰা সেৱণ কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কত ইতিমধ্যে  উজনি অসম সংমণ্ডলৰ আয়ুক্ত জুলি সোণোৱালে এক তদন্ত আৰম্ভ কৰিছে। উক্ত ঘটনা সম্পৰ্কত ৰাইজৰ ওজৰ-আপত্তি আৰু সাক্ষ্য গ্ৰহণৰ বাবে অহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লোক শুনানি। সেইদিনা পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ গোলাঘাট আৱৰ্ত ভৱনত বিভিন্নজনে নিজৰ মতামত আৰু ভাষ্য, সাক্ষ্য প্ৰদান কৰিব পাৰিব। আগ্ৰহীসকলক তদন্ত আয়োগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা অতিৰিক্ত উপায়ুক্ত অৰ্পা বাগলাৰীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।

Your Comments