আজি নগাঁও ৰে'লৱে' ষ্টেচনৰ পৰা কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে শিলঘাট-টাম্বাৰম (চেন্নাই) ৰে'লগাড়ীখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আজি পুৱা ৯.৪৫ বজাত নগাঁও ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰা শিলঘাট-টাম্বাৰম এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে ৰাজেন গোঁহায়ে৷ এই উপলক্ষে অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি ৰে'ল ৰাজ্যমন্ত্ৰী গোঁহায়ে ভাষণত কয়- 'আজিৰ দিনটো আমাৰ সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ দিন।
এই ৰে'লগাড়ীখনৰ জৰিয়তে দক্ষিণ ভাৰতলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰৰ নগাঁৱৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া জিলাৰ ৰাইজ যথেষ্ট উপকৃত হ'ব।' লগতে তেওঁ কয় যে চিকিৎসাৰ ক্ষেত্ৰত চেন্নাইলৈ যোৱা যাত্ৰীসকলক এই ৰে'লগাড়ীখনে যথেষ্ট উপকৃত কৰিব। অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে আজিৰ দিনটো নগাঁওবাসীৰ বাবে এক গৌৰৱৰ দিন। এই ৰে'লখনৰ জৰিয়তে আমাৰ সকলোৰে বহুদিনীয়া অভাৱ এটা পূৰণ হ'ব আৰু অতি কম খৰচত ৰাইজে যাত্ৰা কৰিব পাৰিব।
উল্লেখ্য যে এই ৰে'লখনত মুঠ ২৩টা কোচ থাকিব আৰু সপ্তাহৰ প্ৰত্যেক শুকুৰবাৰে পুৱা ৮.৩০ বজাত শিলঘাটৰ পৰা টাম্বাৰম অভিমুখে যাত্ৰা কৰিব। আজিৰ এই অনুষ্ঠানত এন এফ ৰে'লৱে'ৰ মহা প্ৰবন্ধক সঞ্জীৱ ৰায় আৰু নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে ৰে'লৱে' বিভাগৰ বহু বিষয়ববীয়া উপস্থিত থকে।
- Log in to post comments
- 21 views