সাৰদা-লুইছ বাৰ্জাৰ কেলেংকাৰীত জড়িত হিমন্ত বিশ্বক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদ

সাৰদা-লুইছ বাৰ্জাৰ কেলেংকাৰীত জড়িত হিমন্ত বিশ্বক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত যুৱ কংগ্ৰেছ-এন‌ এছ ইউ আইৰ প্ৰতিবাদ

সাৰদা আৰু লুইছ বাৰ্জাৰ কেলেকংকাৰীৰ লগত জড়িত থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কে'বা শতাধিক কৰ্মীয়ে আজি নগাঁও কলেজৰ সমীপৰ ৰাষ্ট্ৰীয় ৩৬নং ঘাইপথৰ কাষত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰক, বিজেপি মুৰ্দাবাদ, সাৰদা কেলেংকাৰীত জড়িতসকলক গ্ৰেপ্তাৰ কৰিবই লাগিব আদি ধব্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ৰাজপথত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে পথছোৱাৰে কিছু সময়ৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। এই কাৰ্যসূচীত জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক অভিজিৎ বৰা, এন এছ ইউ আইৰ ৰাজ্যিক সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন, এন এছ ইউ আইৰ নগাঁও জিলাৰ উপ-সভাপতি আমিৰ হামজা খান, নগাঁও সদৰ এন এছ ইউ আইৰ সভাপতি মুৰতাজা আজাদ আদিকে ধৰি বহু কেইগৰাকী কংগ্ৰেছৰ নেতা-কৰ্মী উপস্থিত থাকে।
 

Your Comments