শংকৰ সংঘৰ অধিবেশনলৈ প্ৰধান মন্ত্ৰীক আমন্ত্ৰণ : অথযা বিতৰ্ক কৰি ভক্তৰ মনত আঘাত নিদিব

শংকৰ সংঘৰ অধিবেশনলৈ প্ৰধান মন্ত্ৰীক আমন্ত্ৰণ : অথযা বিতৰ্ক কৰি ভক্তৰ মনত আঘাত নিদিব

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক বাৰ্ষিক অধিবেশন ৬ৰ পৰা ৯ ফ্ৰেব্ৰুৱাৰীলৈ মৰিগাঁও জিলাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। এই অধিবেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত আজি নগাঁৱত এক বিবৃতিযোগে সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই জানিবলৈ দিয়ে যে ৯ ফ্ৰেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰী অধিবেশনলৈ আহিব বুলি প্ৰচাৰ হোৱা বাতৰিৰ বাবেই সংঘ ৰাইজৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগা হৈছে।

বিবৃতিটোত তেওঁ উল্লেখ কৰে যে এবছৰৰ পূৰ্বে সংঘৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি প্ৰধান মন্ত্ৰীক ৭ ফ্ৰেব্ৰুৱাৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। চলিত বৰ্ষৰ ৬ জানুৱাৰীলৈকে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে অধিবেশনত অংশগ্ৰহণ কৰাৰ কোনো সন্মতিসূচক পত্ৰ প্ৰেৰণ নকৰাত অধিৱেশনৰ কাৰ্যসূচীৰ পৰা প্ৰধান মন্ত্ৰীৰ নাম বাদ দি চিঠি চপা কৰাত মূল সংঘই অনুমোদন দিছিল। ইতিমধ্যে আদৰণী সমিতিয়ে মূল সংঘৰ অনুমোদিত চিঠি প্ৰস্তুত কৰি সেই চিঠি সকলোকে বিতৰণ কৰা হৈছে। সংঘৰ নেতাগৰাকীয়ে আৰু কয়, সংবাদ মাধ্যমৰ পৰা জানিব পৰামতে, ৯ ফ্ৰেব্ৰুৱাৰীত অসমলৈ প্ৰধান মন্ত্ৰী আহিব।

সময় আৰু সুবিধা পালে সংঘৰ অধিবেশনত অংশগ্ৰহণ কৰাৰ কথা। সেয়ে আমি স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ কোনো সন্মতিসূচক পত্ৰ আজি পৰ্যন্ত সংঘই লাভ কৰা নাই। সংবাদ মাধ্যমত প্ৰকাশ কৰামতে, বিগত প্ৰায় দুই মাহৰ পৰা সংঘই প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰা বুলি প্ৰকাশিত বাতৰি সত্য নহয় বুলি উল্লেখ কৰি প্ৰধান সম্পাদকগৰাকীয়ে কয়, সংঘৰ প্ৰধান সম্পাদকৰ কাৰ্যালয়ৰ পৰা সম্প্ৰতি এই ক্ষেত্ৰত কোনো যোগাযোগ কৰা হোৱা নাই।

তেওঁ লগতে কয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ এক পৱিত্ৰ অনুষ্ঠান। এই পৱিত্ৰ অনুষ্ঠানক অপৱিত্ৰ কৰিব বিচৰাসকলক আমি বিনীতভাৱে আহ্বান বিচাৰোঁ যে অধিবেশনলৈ অহা লাখ লাখ ভকতৰ মনত আঘাত নিদিব। পৰিৱেশ, পৰিস্থিতি অশান্ত নকৰি ভকতসকলক মুকলি মনেৰে গুৰু সেৱা কৰিবলৈ সকলো পক্ষকে সংযম, সহযোগিতা আৰু সেৱাৰ মনোভাবেৰে আগবাঢ়ি আহি সুযোগ দিয়াৰ লগতে অধিবেশন সফল কৰিবলৈ আহ্বান জনায় প্ৰধান সম্পাদকগৰাকীয়ে।
 

Your Comments