আজি সাক্ষ্য গ্ৰহণ নহ'ল  অভিজিৎ-নীল হত্যাকাণ্ডৰ : ১৬ ফেব্ৰুৱাৰীত পৰৱৰ্তী দিন ধাৰ্য

আজি সাক্ষ্য গ্ৰহণ নহ'ল  অভিজিৎ-নীল হত্যাকাণ্ডৰ : ১৬ ফেব্ৰুৱাৰীত পৰৱৰ্তী দিন ধাৰ্য

সমগ্ৰ দেশ কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত ইতিমধ্যে আৰম্ভ হৈছে। আজি পুৱা কঠোৰ নিৰাপত্তা বেষ্টনীৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৪৭গৰাকী অভিযুক্তক নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতত হাজিৰ কৰোৱা হয়। আজি গোচৰটোৰ দ্বিতীয় পৰ্যায়ৰ সাক্ষ্য গ্ৰহণ কৰাৰ কথা আছিল যদিও সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আদালতে স্থগিত ৰাখে। অভিযুক্ত পক্ষৰ এক আবেদনৰ ভিত্তিত এই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে আদালতে গোচৰটোৰ পৰৱৰ্তী দিন অহা ১৬ ফ্ৰেব্ৰুৱাৰী ধাৰ্য কৰিছে।

উল্লেখ্য যে যোৱা ৫ জানুৱাৰীত আদালতে চাৰিজন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। আজি আদালতত  অভিজিৎ নাথ আৰু নীলোৎপল দাস দুয়োৰে পিতৃ উপস্থিত আছিল। গোচৰটোৰ ফৈৰাদী পক্ষৰ হৈ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে আচামী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা মানস শৰণীয়াই। উল্লেখ্য, অভি-নীল হত্যাকাণ্ডৰ মুঠ ৪৮জন অভিযুক্ত আছিল যদিও ইয়াৰে এগৰাকী নাবালক হোৱাৰ হেতুকে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ বোৰ্ডত চলি আছে। স্মৰ্তব্য যে বিগত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসক নৃশংসভাৱে হত্যা কৰা হৈছিল।

এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটো ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দেশনা অনুসৰিয়েই এতিয়া নগাঁও আদালতত দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি আছে।

ইপিনে, অভি-নীল হত্যাকাণ্ডৰ গোচৰটো ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ হোৱাৰ পিছত অভিযুক্তসকলক বৰ্তমান নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে। নগাঁও আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত যোৱা ১৮ ছেপ্টেম্বৰ, ১০ অক্টোবৰ, ৮ নৱেম্বৰ, ২২ নৱেম্বৰ, ১ ডিচেম্বৰ আৰু ৫ জানুৱাৰীত নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল। 

Your Comments