সাহিত্য সভাৰ ৰহা অধিবেশনলৈ মুখ্য মন্ত্ৰী : ক'লা দিৱস পালন কৰিব যুৱ-ছাত্ৰ পৰিষদে

সাহিত্য সভাৰ ৰহা অধিবেশনলৈ মুখ্য মন্ত্ৰী : ক'লা দিৱস পালন কৰিব যুৱ-ছাত্ৰ পৰিষদে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অব্যাহত ৰাখিছে ধাৰাবাহিক আন্দোলন। বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে পৰিষদে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি মন্ত্ৰী-বিজেপি নেতা আদিক ক'লা পতাকা প্ৰদৰ্শন কাৰ্যসূচী অব্যাহত ৰাখিছে।

অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ৰহাত চলি থকা দশম বিশেষ বাৰ্ষিক অধিৱেশনলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰী-বিধায়কক আমন্ত্ৰণ জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই আজি কয়- "অসমৰ জাতীয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সৰৱ ভূমিকা গ্ৰহণ কৰি অহা অসম সাহিত্য সভাৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি যুৱ-ছাত্ৰ পৰিষদে সদায় সমৰ্থন কৰি আহিছে।

শেহতীয়াভাৱে অসমীয়া জাতিৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেও সাহিত্য সভাই মাত মাতি আহিছে। সাহিত্য সভাৰ এই স্থিতিক আমি পূৰ্ণ সমৰ্থন জনাওঁ। কিন্তু জাতিধ্বংসী বিধেয়কখনক সমৰ্থন কৰি জাতিটোৰ ভাষা-সংস্কৃতি ধ্বংস কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰী-বিধায়কক সাহিত্য সভাৰ ৰহা অধিবেশনৰ ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মুকলি সভালৈ আমন্ত্ৰণ জনোৱা কাৰ্যৰ আমি বিৰোধিতা কৰিছোঁ।"

পৰিষদৰ নেতা দুগৰাকীয়ে জানিবলৈ দিয়ে যে মুখ্য মন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়কক আমন্ত্ৰণ জনোৱাৰ প্ৰতিবাদত পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৩ ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ নগাঁও জিলাত ক'লা দিবস পালন কৰিব। সেইদিনা পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত  প্ৰতিখন আঞ্চলিক সমিতিয়ে পুৱা ৯ বজাত ক'লা পতাকা উত্তোলন কৰিব। সেইদিনাই পুৱা ১০ বজাত ৰহাত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। ৰহাত ক'লা পতাকা উত্তোলন কৰাৰ পাছত পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত পৰিষদৰ সদস্যসকলে ৰহাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।

পৰিষদে নগাঁও জিলা সমিতিয়ে ৰূপায়ণ কৰিব বিচৰা ক'লা দিৱসৰ কাৰ্যসূচী সফল কৰি তুলি বিধেয়কবিৰোধী আন্দোলনক অধিক শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহ্বান জনায়। ইপিনে, অসম সাহিত্য সভাই যুৱ-ছাত্ৰ পৰিষদক সভাৰ ৰহা অধিবেশনত কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ অনুৰোধ জনাইছে। সাহিত্য সভাই জনোৱা আহ্বানৰ প্ৰতি পৰিষদে কেনেদৰে সঁহাৰি জনায় সেয়া লক্ষণীয় হ'ব।

Your Comments