আমাক ব্ৰজনিনাদ নহয়, বিকাশৰহে নিনাদ লাগে : হিমন্ত বিশ্ব শৰ্মা

আমাক ব্ৰজনিনাদ নহয়, বিকাশৰহে নিনাদ লাগে : হিমন্ত বিশ্ব শৰ্মা

"আমি প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ পথ লোৱা নাই। ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি উন্নয়নৰ নতুন দিগন্ত সুচনা কৰিব বিচাৰিছোঁ। আমাৰ চৰকাৰে কৰা উন্নয়ন আৰু বিকাশৰ কাম-কাজে এতিয়া অসমত নতুন দিগন্ত স্পৰ্শ কৰিছে।" এই মন্তব্য ৰাজ্যৰ গড়কাপ্তানী, স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ডা: শৰ্মাই আচঁনিখনৰ কথা উল্লেখ কৰি কয়- আজিৰ দিনটো যেনেকৈ নগাঁৱৰ কাৰণে গুৰুত্বপূৰ্ণ, তেনেকৈ অসমৰ বাবেও গুৰুত্বপূৰ্ণ। কাৰণ অসমৰ দুগৰাকী মহাবীৰক শ্ৰদ্ধা জনাই ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এক যুগান্তকাৰী আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্যখনত ১,১৩৪খন কাঠৰ দলং পকীকৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে ৪০০০ কোটি টকা ধাৰ্য কৰা হৈছে।

ইয়াৰে প্ৰথম পৰ্যায়ত ১,৫১৮ কোটি টকা ব্যয় কৰি ৩৯৬খন দলঙৰ পকীকৰণৰ কাম আজি শুভাৰম্ভ কৰা হৈছে। দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰৰ পিছতো এনে ধৰণৰ উন্নয়ন কেতিয়াও হোৱা নাছিল। উন্নয়ন আৰু বিকাশৰ জৰিয়তে আজি অসমক দেশৰ ৫খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছোঁ। আমাক ৰাইজে পৰিবৰ্তন বিচাৰি ক্ষমতাত অধিষ্ঠিত কৰিছিল। আজি উন্নয়নৰ জৰিয়তে পৰিবৰ্তন আনিছোঁ। ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ উন্নয়নৰ কথা উল্লেখ কৰি কয়, নগাঁও চহৰৰ উন্নয়নৰ বাবে এ আই চি এফ আঁচনিৰ অধীনত ২০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। নগাঁও চহৰক এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ভিতৰতে এখন অন্যতম চহৰ হিচাপে গঢ়ি তোলা হ'ব। নগাঁও চহৰখন উজলাই ৰাখিবলৈ চহৰখনত ২০টাকৈ হাই মেক্স লাইট স্থাপন কৰা হ'ব। এতিয়া অসমত কৰ্মযজ্ঞ সৃষ্টি হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা কাৰ্যকালৰ ভিতৰতে দেশৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশ ঘটাবলৈ সক্ষম হৈছে।

অসমৰ উন্নয়নৰ কথা পুনৰ উল্লেখ কৰি ডঃ শৰ্মাই কয়- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই অসমৰ বগীবিল দলং, ধলা-শদিয়া দলং, গুৱাহাটী দলং নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। তদুপৰি, অসমত দ্বৈত ৰে'লপথৰ কামো প্ৰধান মন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাত চলি আছে। এতিয়া উত্তৰ-পূবত বিকাশৰ কৰ্মযজ্ঞ চলি আছে। আগতে আমি এনে দেখা নাছিলোঁ। আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত আছুৱে কৰা ব্ৰজনিনাদক সমালোচনা কৰি কয়- আমি আন্দোলনৰ ব্ৰজনিনাদ নহয়, আমি বিকাশৰ নিনাদ কৰিব বিচাৰিছোঁ। বিকাশৰ নিনাদেৰে আমি ৰাজ্যখনক আগুৱাই আনিব বিচাৰিছোঁ। আমি আৰু অস্তিত্ব সমানেই আগুৱাই লৈ যাব বিচাৰিছোঁ। অসমত এতিয়া বিকাশৰ কোনো বিকল্প নাই। অসমত সম্প্ৰতি চলি থকা আন্দোলনৰ কথা উল্লেখ কৰি ড: শৰ্মাই কয়- অসমত এতিয়া শ্লোগানৰ ট্ৰেইনিং চলিছে। শ্লোগানৰ ট্ৰেইনিং লোৱাতকৈ সংগীৰ ট্ৰেইনিং লওক।

ডঃ ভূপেন হাজৰিকাৰ গীত গাওক, জুবিন গাৰ্গৰ গীত গাওক। ক'লা পতাকা প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই কয়- তিনি-চাৰিজন ল'ৰাই ক'লা পতাকা লৈ দৌৰা-দৌৰি কৰে, তাৰ পিছে পিছে ১৫জনমান সাংবাদিক যায়। ইয়াৰ ওলোটাটো হ'ব লাগিছিল। ক'লা পতাকা লৈ দৌৰা-দৌৰি কৰাতকৈ হিমা দাস, জয়ন্ত দাসৰ দৰে হ‌ওক। তেতিয়াহে ৰাজ্যখন আগুৱাই যাব। কৃষক নেতা অখিল গগৈৰ নাম উল্লেখ নকৰাকৈ মন্ত্ৰীগৰাকীয়ে কঠোৰ সমালোচনা কৰি কয়- আমাৰ কৃষক নেতাজনে অৰ্থনৈতিক অৱৰোধ কৰিব, তেল বাহিৰলৈ যাবলৈ নিদিয়ে। অসমৰ শোধনাগাৰৰ বাবে অসমত এতিয়া পৰ্যাপ্ত খাৰুৱা তেল নাই। ডিগবৈ, নুমলিগড় শোধনাগাৰ যেনেতেনে চলি আছে। বঙাইগাঁও শোধনাগাৰলৈ তেল আহে বাৰাঊনীৰ পৰা। এতিয়া প্ৰশ্ন হ'ল, তেল বাহিৰৰ পৰা আহিলেহে এই অৱৰোধ কৰিব নেকি? প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নুমলিগড় শোধনাগাৰৰ বাবে ওড়িশাৰ পৰা পাইপ লাইনৰ জৰিয়তে খাৰুৱাতেল অনাৰ নতুন প্ৰকল্প গ্ৰহণ কৰিছে। এয়া হৈ উঠিলে উত্তৰ-পূবৰ বিকাশে নতুন গতি ল'ব। তেওঁ আন্দোলনকাৰীক পুনৰ সমালোচনা কৰি কয়-  বেলেগৰ কৃষক নেতাই পথাৰত কাম কৰে।

আমাক ব্ৰজনিনাদ নহয়, বিকাশৰহে নিনাদ লাগে : হিমন্ত বিশ্ব শৰ্মা

আমাৰ কৃষক নেতাই আন্দোলন কৰে। বহু বুদ্ধিজীৱীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে নজনাকৈয়ে ধাৰাবাহিকভাৱে প্ৰবন্ধ লিখি আছে। তেওঁলোকে কিন্তু আয়ুস্মান ভাৰতৰ কথা নিলিখে। আয়ুস্মান ভাৰত আচঁনিৰ জৰিয়তে বহু ৰোগীয়ে সকাহ পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়- এই আঁচনিখনৰ জৰিয়তে বহু লোক উপকৃত হৈছে। তদুপৰি, উজলা, সৌভাগ্য আঁচনিৰ জৰিয়তে বহু লোক উপকৃত হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, আমি তুষ্টিৰ ৰাজনীতি কৰা নাই। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াৰ সুবিধা লাভ কৰিছে। আনকি ইয়াৰ জৰিয়তে সংখ্যালঘু লোকে অধিক সুবিধা লাভ কৰিছে। আমাৰ উন্নয়নৰ মূল কথাটো হ'ল ধৰ্মনিৰপেক্ষতা। অসম চুক্তিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, এই চুক্তিৰ ৬নং দফা অনুসৰি কাম কৰিলেহে অসমীয়াৰ অস্তিত্ব অক্ষুন্ন থাকিব। প্ৰসংগক্ৰমে তেওঁ কয়, অসম আন্দোলন কৰা সময়ত আন্দোলনকাৰীসকলে ভাবিছিল যে বিদেশী চিনাক্তকৰণৰ বৰ্ষ ১৯৫১ চন হ'ব। ছহিদ খৰ্গেশ্বৰ তালুকদাৰ‌েও ১৯৫১ চনৰ বাবে সংগ্ৰাম কৰিছিল।

তেওঁ ভবা নাছিল আন্দোলনৰ নেতাসকলে ভিত্তি বছৰ ১৯৭১ চন কৰিব। তেওঁলোকে এই কথা জনাহেঁতেন আন্দোলন কৰিবলৈ নগ'লেহেঁতেন। যাৰবাবে ১৯৫১-১৯৭১ ভিতৰত বহু বিদেশী অসমত সংস্থাপিত হ'ল। এতিয়া পানীলগা বেমাৰৰ দৰে আন্দোলন চলি আছে। যি আন্দোলনে বিকাশ নানে, সমাধান নানে আৰু যি আন্দোলনে দাসত্বক স্বীকাৰ কৰে, তেনে আন্দোলন আমাক নালাগে, আমাক বিকাশৰ আন্দোলন লাগে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি তেওঁ কয়- বিধেয়কখনৰ বিষয়ে ভালদৰে নজনাকৈয়ে একাংশ‌ই অপপ্ৰচাৰ চলাই অসমখন অস্থিৰ কৰিব বিচাৰিছে। কাৰণ বিধেয়কখনত এনে কোনো কথা উল্লেখ নাই যে অসমলৈ বাংলাদেশৰ পৰা লাখ লাখ বিদেশী আহিব।

কোনোবাই যদি বিধেয়কখনত এনে কথা লিখাৰ কথা প্ৰমাণ দিব পাৰে তেনেহ'লে মই তেওঁলোকক শ্ৰদ্ধা জনাম। বিজেপিয়ে অসমৰ ৰাইজৰ অস্তিত্বৰ ক্ষতি হোৱা কোনো কামেই নকৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয়, একাংশ মুষ্টিমেয় দল-সংগঠনে চৰকাৰক শ'লঠেকত পেলাবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। এওঁলোকৰ কথামতে অসমৰ ৰাইজ নচলে। সভাখনত ৰাজ্যিক মন্ত্ৰী পিযূষ হাজৰিকা, গড়কাপ্তানী আৰু শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈ, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, গড়কাপ্তানী বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰ‌ই, নগাঁও জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়া আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইপিনে, আজি নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সন্মুখত কলং নৈৰ ওপৰত নিৰ্মাণ কৰিব বিচৰা এখন পকী দলং আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ ওচৰত আন এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে। আনহাতে, মন্ত্ৰী ডঃ শৰ্মাই আজি বিয়লিৰ ভাগত নগাঁৱৰ ম'হখুলিত নিৰ্মাণ কৰা ১৫০ বিছনাযুক্ত মাতৃ আৰু শিশু স্বাস্থ্য ভৱনৰ দ্বাৰ মুকলি কৰে।

Your Comments