অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অভিলাষী আঁচনি মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ আজি নগাঁও চহৰত অনুষ্ঠিত কেন্দ্ৰীয় মাংগলিক শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি গড়কাপ্তানী-বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ক'লা পতাকাৰ সন্মুখীন হ'বলগীয়া হয়। নগাঁও চহৰৰ নেহৰুবালিলৈ অহাৰ পথত চহৰখনৰ মৰিগাঁও বাছ আস্থানৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ চাৰিজন বিষয়ববীয়াই মন্ত্ৰীগৰাকীক ক'লা পতাকা দেখুৱাই নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
মন্ত্ৰীগৰাকীৰ আগমনক লৈ আজি পুৱাৰে পৰা নগাঁও চহৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখাৰ সময়তে যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ আগত ক'লা পতাকা দেখুৱাই তাৎক্ষণিকভাবে সেই স্থান ত্যাগ কৰে। যুৱ-ছাত্ৰ পৰিষদৰ এনে প্ৰতিবাদী কাৰ্যকলাপে নগাঁও আৰক্ষীক যথেষ্ট অস্বস্তিত পেলায়। পিচত অৱশ্যে আৰক্ষীয়ে ডঃ শৰ্মাক ক'লা পতাকা দেখুওৱাৰ অভিযোগত যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰাগজ্যোতিষ বণিয়া, দিলীপ শইকীয়া, গৌতম কুমাৰ বৰা আৰু সত্য বৰাক আটক কৰে যদিও বিয়লী মুকলি কৰি দিয়ে।
- Log in to post comments
- 45 views