নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি বিপ্লৱৰ দাবানলে ছানি ধৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ সকলোবোৰ জাতীয় দল-সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰাৰ লগতে প্ৰান্তে প্ৰান্তে আন্দোলন গঢ়ি তোলাৰ উপৰি আগন্তুক দিনত চৰকাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নকৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিছে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ অন্যতম ধৰ্মীয় তথা সামাজিক বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়া স্হিতিত অসমৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
অসমৰ প্ৰায় ২৫ লাখৰো অধিক লোকৰ দ্বাৰা গঠিত এই বৃহৎ সংগঠনটোক অসম আৰু অসমীয়াৰ জাতীয় অনুষ্ঠান বুলি অসমবাসীয়ে ভাবি আহিছে যদিও সম্প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ফলশ্ৰুতিত অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰতি অহা ভাবুকি আৰু বৰ্তমানৰ জটিল সন্ধিক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰহস্যজনক নীৰৱ ভুমিকাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ ৰাজ্যজুৰি প্ৰবল জনমত আৰু আন্দোলন গঢ়ি উঠাৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে অসমীয়া লোকে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই নীৰৱ ভুমিকাৰ আঁৰত কেতবোৰ অন্তৰ্নিহিত কাৰণ থকা বুলি অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশনখন মৰিগাঁও জিলাৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। উক্ত অধিৱেশনৰ ৯ ফেব্ৰুৱাৰীৰ মুকলি সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্হ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰিব। তদুপৰি, অধিবেশন আয়োজনৰ বাবে সহায়-সহযোগিতা কামনা কৰি অধিবেশনৰ আদৰণী সমিতিয়ে মন্ত্ৰী-বিধায়কৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে।
তাৎপৰ্যপূৰ্ণ কথা যে আদৰণী সমিতিৰ প্ৰধান সম্পাদকগৰাকীৰ আঙুলিৰ থাৰত নাচি থকা একাংশ নেতাৰ নিজ স্বাৰ্থসিদ্ধিৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘক জাতিটোৰ জটিল সন্ধিক্ষণতো নিলগাই ৰাখিছে। যদি শ্ৰীমন্ত শংকৰদেৱ সংঘই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তেন্তে ৰজাঘৰীয়া স্বীকৃতি আৰু সাহায্য লাভ নকৰাৰ আশংকাতে এই নিকৃষ্ট পন্থা গ্ৰহণ কৰি লোকদৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ সংঘক হেয় কৰা পৰিলক্ষিত হৈছে।
যদি এই ধুৰন্ধৰ নেতাসকলৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ সমাজ জীৱনৰ পৰা আঁতৰি আহিব বা দূৰলৈ যাবলগা হয় তেন্তে ই সংঘৰ ইতিহাসক কলংকিত কৰিব। সময় থাকোঁতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত চিন্তা-চৰ্চা কৰাটো মংগলজনক।
- Log in to post comments
- 125 views