নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত অহা ১৪ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ১০৬সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ। শতবৰ্ষ গৰকা ৰাজ্যখনৰ অন্যতম আকৰ্ষণস্বৰূপ নেহৰুবালিৰ ভোগালী বিহু উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূর্ণ কৰি তুলিছে উদ্যোগতাসকলে। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, ১৪ জানুৱাৰী উৰুকাৰ সন্ধিয়া নেহৰুবালিত নিৰ্মাণ কৰা ভেলাঘৰত নাম-কীৰ্ত্তন সম্পন্ন হ'ব। ১৫ জানুৱাৰীৰ পুৱা ১০ বজাত স্মৃতি তৰ্পণ কৰিব সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ সভাপতি ড: নৰেন কলিতাই।
১০.৩০ বজাত বিহু উৎসৱখনৰ পৰম্পৰা অনুসৰি বয়োজ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব। পুৱা ১১ বজাত বিহুৰ পতাকা উত্তোলন আৰু মেজি প্ৰজ্বলন, ১১.৩০ বজাত প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ বিপণী মুকলিৰ পিচতে কণ কণ ল'ৰা-ছোৱালী আৰু মহিলাৰ বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হ'ব। বিয়লি ২.৩০ বজাত হেমা দাস সোঁৱৰণি প্ৰাইজমানী মুকলি কুইজ প্ৰতিযোগিতা, সন্ধিয়া বৰপেটাৰ আতচবাজি প্ৰদৰ্শন আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ১৬ জানুৱাৰীৰ পুৱা ৫.৩০ বজাত চাইকেল চালনা প্ৰতিযোগিতা, ১০ বজাত চিত্রাংকন প্ৰতিযোগিতা, পুৱা ১১ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব ভোগালী বিহু উৎসৱ সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। সাংস্কৃতিক শোভাযাত্রাত জনপ্রিয় অভিনেতা যতীন বৰা, ৰাগ ঐনিতম, অভিনেত্রী বৰষাৰাণী বিষয়া আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে অংশগ্রহণ কৰিব।
দিনৰ ১২ বজাত দ্বীপ শৰ্মা সোঁৱৰণি 'ভূপেন্দ্র সংগীত' প্ৰতিযোগিতা, ১ বজাত আব্দুৰ ৰৌফ সোঁৱৰণি 'দীপালী বৰঠাকুৰৰ গীত'ৰ প্ৰতিযোগিতা, বিয়লি ২ বজাত ল'ৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, ৩ বজাত পুৰুষৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, ৩.৩০ বজাত বোৱাৰীৰ বিহুনৃত্য প্ৰতিযোগিতা, সন্ধিয়া ৫.৩০ বজাত বৰপেটাৰ আতচবাজি প্ৰদৰ্শন আৰু সন্ধিয়া ৬ বজাত অসম কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৭ জানুৱাৰীৰ পুৱা ৯ বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, ১০ বজাত জ্যোতি সংগীত প্ৰতিযোগিতা, ১১ বজাত মহিলাৰ পিঠা-পনা প্ৰতিযোগিতা, বিয়লি ৩ বজাত মহিলাৰ পৰম্পৰাগত সাজ-পাৰ প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানত শিল্পী জে পি দাস, শ্যামল শইকীয়া, সন্ধ্যা মেনন, মালবিকা বৰা আৰু বিদ্যাসাগৰে গীত পৰিৱেশন কৰিব।
১৮ জানুৱাৰীৰ পুৱা ১১ বজাত স্বনিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, বিয়লি ৪ বজাত নেহৰুবালি ভোগালী বিহু উৎসৱৰ অন্যতম মনোগ্রাহী অনুষ্ঠান প্ৰীতি সন্মিলন অনুষ্ঠিত হ'ব। উৎসৱ সমিতিৰ সভাপতি ড: নৰেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগা প্ৰীতি সন্মিলনত বিশিষ্ট শিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰী আৰু চেতনা দাসে অংশগ্রহণ কৰিব। এই প্ৰীতি সন্মিলনত ভোগালী বিহু উৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ 'ভোগালী' উন্মোচন কৰা হ'ব। সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী ৰোহিত সোনাৰ, দ্বীপলিনা ডেকা, জী টিভিৰ সাৰেগামাপা অনুষ্ঠানত বিশেষ স্হানপ্ৰাপ্ত প্ৰতীক্ষা ডেকা, ''টেটোন তামুলী" কৌতুক গোষ্ঠী আদিয়ে অনুষ্ঠান পৰিৱেশন কৰিব।
এই সাংস্কৃতিক অনুষ্ঠানত বিহু গীতৰ জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথক সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিয়ে "কলংপৰীয়া বিহুৱাৰত্ন" উপাধি প্ৰদান কৰিব। নেহৰুবালিৰ ভোগালী বিহু উৎসৱত অসমৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে অংশগ্রহণ কৰাৰ কথা। উদ্যোক্তাসকলে ভোগালী বিহু উৎসৱৰ সমূহ কাৰ্যসূচীত পূৰ্বৰ দৰে এইবাৰো ৰাইজৰ সহযোগিতা কামনা কৰিছে। উল্লেখ্য যে ১৫ জানুৱাৰীৰ পুৱা ১০ বজাত নেহৰুবালিৰ বিহু উৎসৱৰ কাৰ্যসূচীত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি উদ্যোগতাসকলে জানিবলৈ দিছে।
- Log in to post comments
- 32 views