ৰাজপথত কবিতাৰ ধ্বনি তুলি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি প্ৰতিবাদমুখৰ হৈ পৰিল নগাঁও। ৰাজ্যৰ প্ৰায় দুই শতাধিক কবি-সাহিত্যিক-শিল্পীৰ বিপুল সমদলেৰে নগাঁও ছহিদ ভৱনৰ পৰা আৰম্ভ হয় নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে কবিতা-গীত-শ্লোগানেৰে প্ৰতিবাদী সমদল যাত্ৰা। প্ৰতিবাদকাৰী কবি, গায়ক, সাহিত্যিক, শিল্পীয়ে বিপ্লৱী কবিতা, গীত আৰু আহ ঐ আহ ওলাই আহ, কবিসকল জাগিছে জাগিবই, স্বজাতি নিধন বিধেয়ক বাতিল কৰক, অসম বচাওক, ডঃ হীৰেণ গোহাঁই জিন্দাবাদ আদি শ্লোগানেৰে কঁপাই তোলে নগাঁও চহৰৰ ৰাজপথ।
হেমাংগ বিশ্বাস, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডঃ ভূপেন হাজৰিকাৰ মুখা পৰিধান কৰি সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰা সমদলটোৱে ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, সাংসদ ৰাজেন গোঁহাই আৰু বিধায়ক ৰূপক শৰ্মা মুৰ্দাবাদ ধ্বনিৰে বিধেয়কখনৰ বিৰোধিতা কৰে। এই কাৰ্যসূচীত বিশিষ্ট চিন্তাবিদ প্ৰভাত বৰা, জ্যোতিৰ্ময় জানা, প্ৰদীপ শইকীয়া, জীৱন নৰহ, দুলাল বৰা, প্ৰদীপ কুমাৰ বৰা, ৰিজুমণি কটকী, মদাৰজ্যোতি, নীলাভ সৌৰভ, প্ৰতুল চন্দ্ৰ বৰা, ডঃ সুজিত দাস, গোলাপ বৰা, ত্ৰৈল্যোক্য ভট্টাচাৰ্য, পুলকানন্দ কৌশিক, ইব্ৰাহিম আলী, কৃষ্ণ দৈমাৰী, অণিমা ৰাভা, হাচিনা মমতাজ, দীপাঞ্জু বৰা, নিৰলা ইংহিপী, মজিবুৰ ৰহমান, লীনা সন্দিকৈ, হেমচন্দ্ৰ নাথ, আলটাফ মজুমদাৰ, ফাৰহান জাৱেদ, ডঃ নিৰ্মালী বৰা মালাকাৰ,
বিমান কুমাৰ দলে, অশোক ৰাম ভট্টাচাৰ্য, চাবিকুন নাহাৰ, খজাছিং টেৰণ, তপন কুমাৰ নগঞা, সাৰংগধৰ ৰাজা, মৌচুমী শৰ্মা, কৰবী লিগিৰা, অজন্তা বৰা, জুমি ভূঞা বৰা, অজন্তা তামুলী, সুস্মিতা দত্ত, ৰঞ্জিত বৰা, কবিন পাটৰ, বিপ্লৱজ্যোতি ভূঞা, ইমৰাণ হুছেইন, ময়ূৰ কুমাৰ বৰা, হেলেন পণ্ডিত, জেবিন চুলতানা, তৃপ্তি হাজৰিকা, দুলুমণি শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।
ইপিনে, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাৰ শৃংখলিত প্ৰদৰ্শনেৰে জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰি অহা ১৫ জানুৱাৰীৰ ভোগালী বিহুৰ দিনা ভাষা আন্দোলনৰ ছহিদ অনিল বৰাৰ পলাশনিস্থিত প্ৰতিমূৰ্তিৰ তলত দিনৰ ১০ বজাত পুনৰ কবিতাৰে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ প্ৰতিজন জাতিপ্ৰেমী নাগৰিকক উক্ত কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
- Log in to post comments
- 54 views