নগাঁৱত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

নগাঁৱত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও নগঞা ৰাইজে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি বিভিন্ন দল-সংগঠনে এই বিধেয়কখন বাতিলৰ দাবীত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে অসম অৱসৰপ্ৰাপ্ত মহাবিদ্যালয় কলেজ শিক্ষক সন্থাৰ নগাঁও জিলা গোটৰ উদ্যোগত নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে। সন্থাৰ নগাঁও জিলা গোটৰ সভাপতি বলীন চন্দ্ৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত নগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়।

অন্যথা বিধেয়কখনৰ বিৰুদ্ধে জনমত গঠনৰ লক্ষ্যৰে নগৰ, চহৰ, গাঁৱে-ভূঞে অভিযান চলাব বুলি সতৰ্ক কৰি দিয়ে। ধৰ্মঘটস্থলীত হোৱা প্ৰতিবাদী সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক মুজিবুৰ ৰহমানে কয়, 'কেন্দ্ৰীয় চৰকাৰে অসমৰ মানুহৰ মাজত বিভেদৰ বীজ সিঁচাৰ বাবেই এই বিধেয়কখন বলপূৰ্বক অসমৰ ৰাইজৰ ওপৰত জাপি দিব বিচাৰিছে। আমি এই আইনখন কেতিয়াও মানি নলওঁ। প্ৰয়োজন হ'লে বিধেয়কখনৰ বিৰুদ্ধে আমি অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলেও অসমবাসী ৰাইজৰ সহযোগত ব্যাপক গণ আন্দোলন গঢ়ি তুলিম।' তদুপৰি, অধ্যাপক জ্যোতিৰ্ময় জানা, প্ৰভাত বৰা, ডঃ মানিক কৰ, আব্দুল মান্নান ফাৰুকী, কবিৰ বৰুৱা, গুণ শইকীয়াকে ধৰি বহু কেইগৰাকী অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Your Comments