নগাঁৱত প্ৰদীপ দত্তৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু

ো

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰাৰ বাবে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ছাত্র-ছাত্রীৰ প্ৰতি অবাঞ্চিত মন্তব্য প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা জাতিয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ 

দত্তৰয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্ৰহণৰ মানবাধীকাৰ খৰ্ব কৰা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা অসমীয়া ছাত্র-ছাত্রীসকলক ভাবুকি প্ৰদান কৰা, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোবাৰ অভিযুগ তুলি পৰিষদে আজি নগাঁও সদৰ থানাত দত্তৰায়ৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে। পৰিষদে দত্তৰায়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। 

Your Comments