জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে সমগ্ৰ নগাঁও জিলা। এই উত্তাল পৰিস্থিতিৰ মাজতে আজি ক'লা পতাকাৰ সন্মুখীন হ'বলগা হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। উল্লেখ্য যে আজি নগাঁও জিলা বিজেপিৰ উদ্যোগত স্থানীয় খগেন মহন্ত প্ৰেক্ষাগৃহত দলটোৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি ওভতাৰ পথত বিজেপিৰ সভাপতিগৰাকীক আছুৰ সদস্যসকলে ক'লা পতাকা প্ৰদৰ্শন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। সভাখনৰ পৰা উভতি অহাৰ পথত নগাঁও আবৰ্ত ভৱনৰ সন্মুখত এই ক'লা পতাকা দেখুৱাই বিভিন্ন ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰী ছাত্ৰ সদস্যসকলে জাতিদ্ৰোহী বিজেপি মুৰ্দাবাদ, ৰঞ্জিত দাস গ'-বেক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি ধ্বনিৰে বিজেপিৰ সভাপতিগৰাকীক কঠোৰ সকীয়নি প্ৰদান কৰি নগাঁও জিলা আছুৱে অসমীয়া জাতিৰ পৰিপন্থী কাম নকৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰক দাবী জনায়। অন্যথা অনাগত সময়ত চৰকাৰ আৰু বিজেপিয়ে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলিও সকীয়াই দিয়ে। আজি আচম্বিতে বিজেপিৰ সভাপতিগৰাকীক আছুৰ নেতা-কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰাত তেওঁ অস্বস্তিত পৰিবলগা হয়।
এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে দৌৰা দৌৰিকৈ আহি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আছুৰ কৰ্মীসকলক খেদি পঠিয়ায়। মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে নগাঁৱত বিগত দুদিন ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত বিজেপিৰ সভাপতিগৰাকীৰ নগাঁও আগমনক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা নগাঁও আৰক্ষীয়ে আৱৰ্ত ভৱন চৌহদত ব্যাপক নিৰাপত্তা বাহিনীৰ লোক নিয়োজিত কৰে।
আনকি নগাঁও আৱৰ্ত ভৱনৰ ভিতৰত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি মুল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে। মুঠতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আৱৰ্ত ভৱন চৌহদ এলেকাটো এক অভেদ্য দুৰ্গত পৰিণত কৰাৰ পিছতো আছুৱে আজি বিজেপিৰ সভাপতিগৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
- Log in to post comments
- 23 views