নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই যি ১১ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল সেই বন্ধৰ সমৰ্থনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে স্তব্ধ হৈ পৰিছে মহানগৰ গুৱাহাটী।
ব্যক্তিগত বাহনৰ বাহিৰে দেখা পোৱা নগ'ল কোনোধৰণৰ বাণিজ্যিক বাহন।
চলাচল কৰা নাই কোনো চিটী বাছ৷ মহানগৰীৰ কোনো স্থানতে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে যথেষ্টসংখ্যক আৰক্ষীৰ লোক মোতায়েন কৰা দেখা গৈছে।
- Log in to post comments
- 6 views